অসম

assam

ETV Bharat / state

উত্তৰ-পূৱত ১৬ শতাংশ বৃদ্ধি পাইছে প্ৰত্যক্ষ বিক্ৰীৰ হাৰ - DIRECT SELLING SUMMIT

গুৱাহাটীত অনুষ্ঠিত হয় দ্বিতীয় উত্তৰ-পূব প্ৰত্যক্ষ বিক্ৰী সন্মিলন আৰু প্ৰদৰ্শনী । প্ৰদৰ্শনীত উপস্থিত ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সন্থাৰ অধ্যক্ষকে আদি কৰি বহু বিশিষ্ট ব্যক্তি ।

2nd North East Direct Selling Summit and Exhibition held in Guwahati
উত্তৰ-পূব প্ৰত্যক্ষ বিক্ৰী সন্মিলন আৰু প্ৰদৰ্শনী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 10:12 PM IST

গুৱাহাটী:প্ৰত্যক্ষ বিক্ৰীৰ ক্ষেত্ৰত ১৬ শতাংশ বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে উত্তৰ-পূবে । উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই ২০২২-২৩ বৰ্ষত পূৰ্বৰ বছৰৰ তুলনাত ২৫৫ কোটি টকাৰ বিক্ৰী বৃদ্ধিৰে মুঠ ১৮৫৪ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয় উত্তৰ-পূব প্ৰত্যক্ষ বিক্ৰী সন্মিলন আৰু প্ৰদৰ্শনীত এই তথ্য সদৰী কৰে ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সন্থাই ।

ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সন্থাৰ অধ্যক্ষ বিবেক কাটোচে কয়, "প্ৰত্যক্ষ বিক্ৰী উদ্যোগৰ (ডি এছ আই) মুঠ ২১,২৮২ কোটি টকাৰ ৰাষ্ট্ৰীয় ব্যৱসায়ৰ ৮.৭ শতাংশ অৰিহণা যোগাই আহিছে উত্তৰ-পূৰ্বাঞ্চলে । ইয়াৰ ফলত ৩.৩৮ লাখৰো অধিক লোক জড়িত হৈ আছে । উত্তৰ-পূৰ্বাঞ্চলত ২০০০ কোটিৰ ব্যৱসায় হয় । তাৰ ভিতৰত অসমৰ পৰা ৫০% ব্যৱসায় হয় ।"

উত্তৰ-পূব প্ৰত্যক্ষ বিক্ৰী সন্মিলন আৰু প্ৰদৰ্শনী (ETV Bharat Assam)

তেওঁ লগতে কয়,"এই প্ৰত্যক্ষ বিক্ৰীৰ লগত সৰ্বাধিক যুৱ আৰু মহিলা উদ্যোগী জড়িত হৈ আছে । আনহাতে বাকী সাতখন ৰাজ্যৰ ভিতৰত নাগালেণ্ডৰ ২২৭ কোটি টকা, মিজোৰামৰ ১৫৬ কোটি টকা, অৰুণাচল প্ৰদেশৰ ৭৮ কোটি টকা, ত্ৰিপুৰাৰ ৭২ কোটি টকা, মেঘালয়ৰ ১৯ কোটি টকা আৰু ছিকিমৰ ৫ কোটি টকাৰ অৰিহণা যোগাইছে ।"

ইয়াৰোপৰি কাটোচে কয়,"উত্তৰ-পূব ভাৰত ডিএছআইৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু প্ৰাথমিক বজাৰ হিচাপে চিহ্নিত হৈ আহিছে । এই বৃদ্ধিৰ পৰিসংখ্যাই স্পষ্টভাৱে প্ৰতিফলিত কৰে যে ই এই অঞ্চলত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে । যি হৈছে প্ৰত্যক্ষ বিক্ৰেতাসকলৰ পৰিশ্ৰমৰ ফল । এই উদ্যোগটোৱে ১২%তকৈ অধিক বৃদ্ধি লাভ কৰিছে আৰু প্ৰায় ৮৬ লাখ ভাৰতীয়ক স্থায়ী আত্মনিৰ্ভৰশীলতা প্ৰদান কৰিছে ।"

উত্তৰ-পূব প্ৰত্যক্ষ বিক্ৰী সন্মিলন আৰু প্ৰদৰ্শনী (ETV Bharat Assam)

এক তথ্য প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে কয়,"আই ডি এছএৰ তথ্য অনুসৰি এই উদ্যোগটোৱে প্ৰতি বছৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজকোষত ৩০০ কোটি টকাৰ বৰঙণি আগবঢ়ায় । যিয়ে অঞ্চলটোৰ উন্নয়নত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।"

অনুষ্ঠানত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষা আৰু পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই সমাজ আৰু ৰাষ্ট্ৰীয় উন্নয়নলৈ মহিলাসকলে আগবঢ়োৱা অৱদানৰ শলাগ লয় । লগতে, পূৰ্বৰ পৰম্পৰাগত সংকীৰ্ণ বিচাৰধাৰাৰ সীমা অতিক্ৰম কৰি মহিলাসকলে আজি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰত্যক্ষ বিক্ৰী খণ্ডত মহিলাসকলৰ উদ্যোগী মনোভাৱৰ ওপৰত আলোকপাত কৰি তেওঁ তেওঁলোকৰ সাফল্যৰ জৰিয়তে অনুপ্ৰেৰণাদায়ক উদাহৰণ স্থাপন কৰাৰ প্ৰশংসা কৰে । অসম চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱা উপস্থিত থকা দিনজোৰা এই অনুষ্ঠানত উদ্যোগৰ নেতৃবন্দ, বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলে উদ্যোগৰ বিকাশ, নিয়ন্ত্ৰণ কাঠামো, গ্ৰাহক সজাগতা, সংস্কাৰ, নীতি সমৰ্থন, আৰু প্ৰত্যক্ষ বিক্ৰীৰ সুযোগৰ জৰিয়তে মহিলা আৰু যুৱক-যুৱতীসকলক সবলীকৰণৰ দৰে মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

এই অনুষ্ঠানতে অঞ্চলটোৰ ৪৫ গৰাকী মহিলা উদ্যোগীক প্ৰত্যক্ষ বিক্ৰীৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয় । তদুপৰি অনুষ্ঠানৰ সময়ত পৰম্পৰাগত উত্তৰ-পূবৰ সাজ-পোছাকত সামগ্ৰীৰ ৰেম্প ৱাকৰ লগতে প্ৰত্যক্ষ বিক্ৰী উদ্যোগৰ বৈচিত্ৰ্য আৰু উদ্ভাৱন প্ৰদৰ্শন কৰা এক বৃহৎ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক:কয়লা কেলেংকাৰী: ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ - AJP ON COAL SCAM

ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৰাইজৰ মাজত থকা গণশিল্পীৰ ভেঁটি - SINGER NAYAN AXOM ON RAJIB SADIYA

ABOUT THE AUTHOR

...view details