হাফলং :বুধবাৰে দুপৰীয়াৰ ভাগত ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচ' নোৱাদী লংকুক্ৰ গাঁৱত গাঁওবাসীৰ ওপৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ তিনিগৰাকী যুৱকে বৃহস্পতিবাৰে হাফলং থানাত ই এম মনজিত নাইডিঙৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ।
এজাহাৰ দাখিল কৰি হাফলং থানাৰ বাহিৰত তিনিগৰাকী যুৱকে সাংবাদিকৰ আগতে কয়, "বুধবাৰে দুপৰীয়া 2 মান বজাত উমৰাংচ' লংকুক্ৰ গাঁৱত আহি উপস্থিত হয় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিং । তেওঁ গাঁৱত জে পি লক্ষ্মী চিমেণ্ট উদ্যোগ স্থাপন আৰু মাইনিঙৰ বাবে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । তেতিয়া খবৰ পাই আমি তাত উপস্থিত হোৱাত মনজিৎ নাইডিঙে আমাৰ ওপৰত আক্ৰমণ চলাই মাৰপিট কৰে । মনজিৎ নাইডিঙে তেওঁৰ পি এছ অ'ৰ বন্দুক লৈ গুলী চলায় ।"
যুৱককেইগৰাকীয়ে লগতে কয়, "উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিঙৰ লগতে বন বিভাগৰ ৰেঞ্জাৰ ধনমাই থাওচেন আৰু মনজিৎ নাইডিঙৰ পি এছ অ' হিমন্ত থাওচেনে আমাক প্ৰাণেমৰাৰ চেষ্টা কৰে আৰু আমাক মাৰি মাটিত পুতি থোৱাৰ ভাবুকি দিয়ে । যদি এমাহৰ ভিতৰত আমি চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে ভূমি নিদিওঁ তেনেহ'লে আমাক অপহৰণ কৰি হত্যা কৰাৰ ভাবুকি দিয়ে ।"