অসম

assam

ETV Bharat / state

পাঁচটা সমষ্টিত ১,০৭৮ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ, প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ

পাঁচটা বিধানসভা সমষ্টিত প্ৰযোজ্য আচৰণবিধি । উপ-নিৰ্বাচনৰ বাবে সাজু মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Chief Electoral Officer Press Conference
মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল (ETV Bharat Assam)

গুৱাহাটী: অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় সাজু হৈছে । ইতিমধ্যে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে পাঁচটা সমষ্টিৰ ভোটাৰ তালিকা, ভোটগ্ৰহণ কেন্দ্ৰ আদি প্ৰকাশ কৰিছে । এই সন্দৰ্ভত শুকুৰবাৰে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এখন সংবাদমেল সম্বোধন কৰে ।

পাঁচটা সমষ্টিত মুঠ ভোটাৰ ৯,১০,৬৬৫ গৰাকী:

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নবেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । বঙাইগাঁও, বিহালী, ধলাই, চিদলী আৰু চামগুৰি সমষ্টিত অনুষ্ঠিতব্য় উপ-নির্বাচনৰ বাবে ভোটাৰ তালিকা সাজু হৈছে ।

পাঁচটা সমষ্টিত ১,০৭৮ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ, প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ (ETV Bharat Assam)

প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ:

আজিৰে পৰা আৰম্ভ হৈছে প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া । অনুৰাগ গোৱেলে প্ৰকাশ কৰা মতে,পাঁচটা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ হৈছে যদিও মনোনয়ন প্ৰক্ৰিয়া শেষ পৰ্যন্ত সমষ্টিৰ ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা কম বেছি হৈ থাকিব ।‌ কাৰণ সেইদিনালৈ সমষ্টি সলনি কৰিব বিচাৰি আৱেদন কৰা ভোটাৰৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া চলি থাকিব ।

পাঁচ সমষ্টিত মুঠ ভোটাৰ কিমান:

বঙাইগাঁও, বিহালী, ধলাই, চিদলী আৰু চামগুৰি সমষ্টিত মুঠ ভোটাৰ ৯,১০,৬৬৫ গৰাকী ।‌ ইয়াৰে মহিলা ভোটাৰ ৪,৫৫,৯২৪ আৰু পুৰুষ ভোটাৰ ৪,৫৪,৭২২ গৰাকী । বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী ভোটাৰ আছে ।

বিহালী সমষ্টিত ১,৩২,৫৮৯ গৰাকী ভোটাৰ আছে । ধলাই সমষ্টিত ১,৯৭,৬৪২ গৰাকী ভোটাৰ আছে। চিদলী সমষ্টিত ২,১৭,২৩৬ গৰাকী ভোটাৰ আছে । চামগুৰি সমষ্টিত ১,৮০,৮৫৪ গৰাকী ভোটাৰ আছে ।

পাঁচ সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰ ১০৭৮ টা

ইপিনে, বঙাইগাঁও,বিহালী,ধলাই,চিদলী আৰু চামগুৰি সমষ্টিত মুঠ ছাৰ্ভিচ ভোটাৰ আছে ২৭৯৬ গৰাকী । পাঁচটা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১০৭৮ টা । অহা ১৩ নবেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ'বলগা বঙাইগাঁও,বিহালী,ধলাই,চিদলী আৰু চামগুৰি সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ১০৭৮ টা । ইয়াৰে বঙাইগাঁও সমষ্টিত ২৪৬ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে । বিহালী সমষ্টিত ১৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে । ধলাই সমষ্টিত ২০৮ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে । চিদলী সমষ্টিত ২৭৩ ভোটগ্ৰহণ কেন্দ্ৰ আছে । চামগুৰি সমষ্টিত ১৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ।

মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে ভোটিং মেছিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা হৈছে । অহা ১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব । ৪ নৱেম্বৰৰ পৰা ভোটিং মেছিন সাজু কৰি ৫ নৱেম্বৰত ষ্ট্ৰং ৰূমত ভৰোৱা হ'ব ।

লগতে পঢ়ক:বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিজেপিৰ নেতা !

প্ৰাৰ্থী ঘোষণা নহ’লেও প্ৰচাৰত নামিল পীযুষ হাজৰীকা; বিহালীৰ পৰা কংগ্ৰেছক কটাক্ষ

ABOUT THE AUTHOR

...view details