লখিমপুৰ, ২০ জানুৱাৰী :ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে । শুকুৰবাৰে ৰাহুল গান্ধী মাজুলীত উপস্থিত হয় । তাৰ পিচত শনিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত দলটো লখিমপুৰ জিলাত প্ৰৱেশ কৰে । অৱশ্যে তাৰ প্ৰাকক্ষণত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে । নগৰ এলেকাৰ পৰা মৈদমীয়া পৰ্যন্ত লগোৱা সকলো আদৰণি তোৰণ, ফলক, বেনাৰ আদি নিশা দুৰ্বৃত্তই ফালি চুৰমাৰ কৰে ।
এই বিষয়টোৱে ইতিমধ্যে ৰাজ্যজুৰি সৰ্বাধিক চৰ্চা লাভ কৰিছে । তাৰ মাজতে জিলা প্ৰশাসনৰ আন এক নিৰ্দেশনাক লৈও ব্যাপক চৰ্চা হৈছে । জিলা প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি শুকুৰবাৰ আৰু শনিবাৰৰ দিনটোত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটোৰ সমীপৰ স্থানত ড্ৰোণৰ উৰণ নিষিদ্ধ কৰা হৈছে । লখিমপুৰত ৰাহুল গান্ধীৰ যাত্রাৰ সময়ত নিৰাপত্তাৰ অজুহাতত জিলা প্ৰশাসনে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পথত ৫০০ মিটাৰ এলেকাজুৰি ড্ৰোণৰ উৰণ নিষিদ্ধ ঘোষণা কৰে ।
ইফালে নিৰাপত্তাৰ কথা চিন্তা কৰি ৰাহুল গান্ধীৰ পদযাত্রাও বাতিল কৰা হৈছে । সেইদৰে পূৰ্ব নিৰ্ধাৰিত একাধিক কাৰ্যসূচীও বাতিল কৰা হয় । ৰাহুল গান্ধীৰ নিৰাপত্তাৰ বাবে লখিমপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই যাত্রাৰ সময়ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰ এলেকাত ড্ৰোণৰ উৰণ নিষিদ্ধ কৰে ।