অসম

assam

ETV Bharat / state

ফেৰী সেৱা বন্ধ; ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰিবলৈ আগবঢ়োৱা হ'ল ভোগ

Majuli Ferry service : ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে বিগত ৪ দিন ধৰি বন্ধ নিমাতী-কমলাবাৰী ফেৰী সেৱা ।

Majuli Ferry service
ফেৰী সেৱা বন্ধ; ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰিবলৈ আগবঢ়োৱা হ'ল ভোগ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

যোৰহাট :ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়ংকৰভাৱে হ্ৰাস পাইছে । বিশেষকৈ মাজুলী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস পোৱাত এতিয়া সমস্যাত পৰিছে জল পৰিবহণ বিভাগ আৰু সাধাৰণ লোক । আনকি মাজুলী সংযোগী মূল জলপথ নিমাতী-কমলাবাৰী ঘাটৰ মাজেৰে ফেৰী সেৱা বন্ধ কৰি দিবলগীয়া পৰিস্থিতি হৈছে ।

যোৱা ২০ অক্টোবৰৰ পৰা যোৰহাট-মাজুলীৰ যোগাযোগ ব্যাহত হৈ পৰিছে । এনে পৰিস্থিতিত সমস্যাৰ সন্মুখীন হৈছে নিতৌ অহা যোৱা কৰা যাত্ৰীসকল ।

উদ্বিগ্ন মাজুলীবাসী

যোগাযোগৰ একমাত্ৰ ভৰসা ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে মাজুলীবাসীও উদ্বিগ্ন হৈ পৰিছে । কিয়নো সমাগত ৰাস মহোৎসৱ । ৰাসলীলাৰ বাবে জনাজাত নদী দ্বীপ মাজুলীলৈ প্ৰতিবছৰ হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন হয় । যদি ফেৰী সেৱা বন্ধ হৈ থাকে তেনেহ'লে পৰ্যটনক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব বুলি আশাংকা কৰা হৈছে । সেয়েহে যিমান সম্ভৱ সোনকালে নিমাতী-কমলবাৰী ফেৰী সেৱা পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে ।

ফেৰী সেৱা বন্ধ; ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰিবলৈ আগবঢ়োৱা হ'ল ভোগ (ETV Bharat)

ৰাজ্য চৰকাৰৰ জল পৰিবহণ মন্ত্ৰী কেশৱ মহন্তয়ো পৰিস্থিতিৰ বুজ লৈছে । ইফালে বিশেষ ডেজাৰৰ সহায়ত বালি খান্দি জলপথ মুকলি কৰাৰো পৰিকল্পনা কৰা হৈছে । জল পৰিবহণ বিভাগৰ একাংশ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে ডিব্ৰুগড়ৰ পৰা অনা হ'ব বিশেষ ডেজাৰ ।

ব্ৰহ্মপুত্ৰ বাবালৈ ভোগ

ব্ৰহ্মপুত্ৰৰ পানী এনেদৰে ভয়ংকৰভাৱে শুকাই যোৱাত নৈপৰীয়া অঞ্চলৰ লোকসকলো শংকিত হৈ পৰিছে । কিয়নো এনেদৰে ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱা তেওঁলোকে কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল । এয়া কোনো ভয়ংকৰ দুৰ্যোগ অশনি সংকেত নেকি বুলিও বহুতে সন্দেহ কৰিছে । যাৰ বাবে স্থানীয় লোকৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগেও দুৰ্যোগৰ পৰা পৰিত্ৰাণ বিচাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ।

ইফালে আধ্যাত্মিকতাৰ আশ্ৰয় লৈ ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে বিশেষ ভোগ আগবঢ়াইছে । সকলোৱে এটাই কামনা কৰিছে যাতে শীঘ্ৰে এই সমস্যাৰ সমাধান হয় । পুনৰ যাতে আৰম্ভ হয় ফেৰী সেৱা ।

লগতে পঢ়ক :কিয় বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট ?

ABOUT THE AUTHOR

...view details