নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ :বেংগালুৰুত আটক কৰা হৈছে সন্দেহজনক আলফা(স্বা)ৰ এজন কেডাৰক ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই বৃহস্পতিবাৰে আটক কৰিছে ২৩ বছৰীয়া গিৰীশ বৰা নামৰ যুৱকজনক ৷
জানিব পৰা অনুসৰি এন আই এই আটক কৰা যুৱকজনৰ ঘৰ লখিমপুৰৰ বগীনদীত ৷ ১৫ আগষ্টত ৰাজ্যৰ ভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ লগত জড়িত থকাৰ সন্দেহত গিৰীশ বৰাক অনুসন্ধানকাৰী সন্থাটোৱে আটক কৰিছে ৷ বেংগালুৰুৰ এটা কোম্পানীত ১০ আগষ্টত সন্দেহজনক আলফা(স্বা)ৰ কেডাৰজনে যোগদান কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে ১৫ আগষ্টত আলফা(স্বা)ৰ দ্বাৰা বোমা সংস্থাপন কৰা ঘটনাৰ তদন্ত দায়িত্ব দিয়া হৈছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক ৷ তাৰ পিছৰে পৰা অব্যাহত থকা অনুসন্ধানত লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটীৰ কেবাটাও স্থানত আই ই ডিসদৃশ বিস্ফোৰক সংস্থাপন কৰাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে গিৰীশ বৰাক ৷
উল্লেখ্য যে ১৫ আগষ্টত ৰাজ্যৰ ২০ টাতকৈও অধিক স্থানত আলফা স্বাধীনে সংস্থাপন কৰিছিল বোমা ৷ ইয়াৰে গুৱাহাটীতে আছিল আঠটা স্থান ৷ সমগ্ৰ পৰিকল্পনাৰ দায়িত্ব স্বীকাৰ কৰিছিল নিষিদ্ধঘোষিত সংগঠনটোৱে ৷ এই সন্দৰ্ভত সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে ১৫ গৰাকীকৈ লোকক আটক কৰিছিল ৷ শেহতীয়াকৈ ২১ ছেপ্টেম্বৰত তিনিগৰাকী মহিলাকো আটক কৰিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সহযোগত অসম আৰক্ষীয়ে ৷