হাফলং, 6 মে’ : ৰাজ্যত মঙলবাৰে অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ যাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই সোমবাৰৰ পৰা শিলচৰ-গুৱাহাটী আৰু গুৱাহাটী-ধুবৰীৰ মাজতে দুখনকৈ যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই জনোৱা মতে অতিৰিক্ত ভীৰ চম্ভালিবৰ বাবে আৰু মঙলবাৰে তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টি অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ভোটাৰ সকলে যাতে সুকলমে ভোটদান কৰিব পাৰে তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই এই যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে ৷
সোমবাৰ, মঙলবাৰ, বুধবাৰ অৰ্থাৎ 6,7, আৰু 8 মে’ত 05698 গুৱাহাটী আৰু ধুবুৰীৰ মাজতে এই বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল কৰিব ৷ মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ অৰ্থাৎ 7,8, আৰু 9 মে’ত 05697 ধুবুৰীৰ পৰা গুৱাহাটীলৈকে বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল কৰিব ৷ 6, 7 আৰু 8 মে’ৰ নিশা 9 বজাত গুৱাহাটীৰ পৰা এই বিশেষ যাত্ৰীবাহী ৰে’লখন ধুবুৰীৰ উদ্দেশ্যে ৰাওনা হ’ব আৰু পুৱা 3.15 বজাত ধুবুৰীত উপস্থিত হ’ব ৷ ইফালে 7, 8 আৰু 9 মে’ত ধুবুৰীৰ পৰা দিনৰ 1.30 বজাত এই বিশেষ ৰে’লখন ৰাওনা হ’ব আৰু গুৱাহাটী আহি উপস্থিত হ’ব নিশা 8 বজাত ৷