গুৱাহাটী:অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা (এ ডি আৰ ই)ৰ বাবে পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ কাৰণে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১০খন বিশেষ ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এন এফ ৰে'লৱেই এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে । এই ৰে'লসমূহ দুয়োদিশতে ভ্ৰমণৰ বাবে পৰিচালনা কৰা হ'ব ।
বিশেষ ৰে'লসমূহৰ চলাচল এনেধৰণৰ:
ৰে'ল নং 05101/05102 (কৰিমগঞ্জ–শিলচৰ-কৰিমগঞ্জ) কৰিমগঞ্জৰ পৰা ক্ৰমে 04:00 বজাত আৰু শিলচৰৰ পৰা 27 অক্টোবৰত ক্ৰমে 21:00 বজাত প্ৰস্থান কৰিব । দুয়োখন ৰে'ল গন্তব্যস্থান শিলচৰত ০৬:৪০ বজাত আৰু কৰিমগঞ্জত একেদিনাই ২৩:৪০ বজাত উপস্থিত হ'ব । ৰে'লসমূহৰ নতুন কৰিমগঞ্জ,ভাংগা,বদৰপুৰ আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ষ্টপেজ থাকিব ।
ৰে'ল নং 05119 (মৰিয়নী–নাৰেংগী) 26 অক্টোবৰত 15:35 বজাত মৰিয়নীৰ পৰা প্ৰস্থান কৰি পিছদিনা 05:00 বজাত নাৰেংগী পাব । একেদৰে, ৰে'ল নং 05120 (নাৰেংগী–মৰিয়নী) 27 অক্টোবৰত 15:30 বজাত নাৰেংগীৰ পৰা প্ৰস্থান কৰি 28 অক্টোবৰত 04:00 বজাত মৰিয়নী পাব । দুয়োখন ৰে'লতে জ্যোতি টাউন,বৰুৱা বামুনগাঁও,নুমলীগড়,বৰপথাৰ,ডিমাপুৰ ডিফু,লামডিং,লংকা,চাপাৰমুখ, জাগীৰোড,ডিগাৰু আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ষ্টপেজ থাকিব ।