তিনিচুকীয়া: ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ, গৃহ (কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা) বিভাগৰ নৱ-নিযুক্ত মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে উপস্থিত হয় গৃহজিলাত । গৃহজিলাত উপস্থিত হোৱাৰ পাছতে বৰগুৰিস্থিত ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত নৱ-নিযুক্ত মন্ত্ৰীগৰাকীক ঢোলে-দগৰে উষ্ম আদৰণি জনাই ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়াই সভাপতিত্ব কৰা অনুষ্ঠানটোত আঁত ধৰে জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াই । পৰৱৰ্তী সময়ত জিলা বিজেপিৰ হৈ সভাপতি কুশকান্ত বড়াৰ লগতে দলীয় কৰ্মকৰ্তাসকলে ফুলাম গামোচা, চেলেং, শৰাই, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায় । তাৰ পাছতে জিলাখনৰ বিজেপি দলৰ ভাতৃ-ভগ্নী সংগঠনসমূহেও নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাক আদৰণি জনায় ।
আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱ-নিযুক্ত মন্ত্ৰীগৰাকীয়ে "দলীয় কৰ্মকৰ্তাসকল অবিহনে মই আধৰুৱা" বুলি উল্লেখ কৰি দলীয় কৰ্ম-কৰ্তাসকলৰ সহযোগিতা আগন্তুক দিনসমূহতো এনেদৰেই পাব বুলি আশাপ্ৰকাশ কৰে । লগতে আগন্তুক দিনসমূহত শ্ৰমিকসকলৰ যাতে নিৰাপত্তা প্ৰদান কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে । যেনেদৰে কৃষক আগবাঢ়ি গ’লে দেশ আগবাঢ়ি যাব তেনেদৰেই শ্ৰমিক আগবাঢ়ি গ’লেহে দেশ আগবাঢ়ি যাব ।