অসম

assam

ETV Bharat / state

পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠক মন্ত্ৰী কেশৱ মহন্তৰ - Minister Keshab Mahanta - MINISTER KESHAB MAHANTA

New transport minister Keshab Mahanta : নতুন বিভাগৰ দায়িত্ব লাভৰ পিচতে বিভাগীয় বিষয়াৰ সৈতে প্ৰথমখন সভা অনুষ্ঠিত কৰে কেশৱ মহন্তই ৷ বহুকেইটা ইতিবাচক দিশৰ আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

New transport minister Keshab Mahanta
পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠক মন্ত্ৰী কেশৱ মহন্তৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:48 PM IST

গুৱাহাটী, ২০ জুন : ৰাজ্যৰ নতুন পৰিবহণ মন্ত্ৰীৰ দায়িত্ব লাভৰ পিচতে দিছপুৰত পৰিবহন বিভাগৰ প্ৰথমখন বৈঠক কেশৱ মহন্তৰ । বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেশৱ মহন্ত ৷

ৰাজ্যৰ পৰিবহণ বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত অংকুৰ জৈনকে ধৰি বিভাগটোৰ অন্তৰ্গত পৰিবহণ আয়ুক্তালয়, আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ জ্যেষ্ঠ বিষয়াসকলে বিষয়াসকলে অংশগ্ৰহণ কৰা এই বৈঠকত নতুন পৰিবহণ মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয় ।

লগতে পঢ়ক:কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

বৈঠকত পৰিবহণ বিভাগৰ শাখাসমূহৰ আভ্যন্তৰীণ গাঁথনি, ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া তথা নিয়মীয়া কাজ-কাজ আদিৰ বুজ লৈ মন্ত্ৰী মহন্তই বিষয়াসকলক কৰ সংগ্ৰহৰ ক্ষেত্ৰত জনসাধাৰণ যাতে বিশেষ কোনো অসুবিধাত নপৰে, সেই বিষয়ে যথাসম্ভৱ নজৰ ৰাখিবলৈ দিহা দিয়ে । যাত্ৰীৰ নিৰাপত্তাৰ দিশটোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে পথ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়াৰো মন্ত্ৰীগৰাকীয়ে পোষকতা কৰে ৷

লগতে পঢ়ক:নৱনিযুক্ত সহকাৰী প্ৰৱক্তাসকলক পাঠ্যপুথিৰ লগত বন্ধুত্ব ৰাখিবলৈ পৰামৰ্শ শিক্ষামন্ত্রীৰ

ৰাজ্যখনত পৰিবহণ তথা যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যা বিষয়ক ওজৰ-আপত্তিৰ ক্ষীপ্ৰতাৰে যথোচিতভাৱে নিৰসনৰ প্ৰয়াস চলাবলৈও বিভাগীয় বিষয়াসকলক বৈঠকত পৰিবহণ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । বৈঠকখনত পৰিবহণ বিভাগৰ সচিব আদিল খান, পৰিবহণ আয়ুক্ত অংকুৰ জৈনৰ উপৰি পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব গৌৰৱ উপাধ্যায়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালক চিন্ময় ফুকন, পৰিবহণ বিভাগৰ যুটীয়া সচিব সুস্মিতা কাকতি, বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, পৰিবহণ উপ আয়ুক্ত ভাস্কৰজ্যোতি দত্ত, সহকাৰী পৰিবহণ আয়ুক্ত সিদ্ধাৰ্থ শইকীয়া, জিলা পৰিবহণ বিষয়া (মুখ্য আয়ুক্তালয়) দীপাঞ্জলী বৰা আৰু কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়া তাছমিন আফতাৱেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:১২৬ টা য়ুথ ক্লাবলৈ ১৫ লাখকৈ টকা চৰকাৰৰ : ৩০ আগষ্টৰ ভিতৰত পঞ্চায়তৰ সীমা পুনৰনিৰ্ধাৰণ

ABOUT THE AUTHOR

...view details