যোৰহাট, 13 আগষ্ট:ৰাজ্যত পুনৰ ভূ-লুণ্ঠিত মানৱতা । যোৰহাটত সংঘটিত হৈছে এক সভ্য সমাজক লজ্জানত কৰা ঘটনা । জিলাখনৰ ডি চি বি কলেজৰ সন্মুখৰ পথৰ দাঁতিত পোৱা গৈছে এটি নৱজাতক ।
সোমবাৰে সংঘটিত হৈছে এই কৰুণ ঘটনাটো । নিজৰ কু-কৰ্ম লুকুৱাই ৰাখিবৰ বাবেই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ সমাজত লজ্জানত হোৱাৰ ভয়ত যোৰহাটৰ ডি চি বি কলেজৰ সন্মুখৰ পথৰ দাঁতিত অভিভাৱকে নৱজাতকটিক পেলাই থৈ যায় বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
জানিব পৰা মতে, নৱজাতকটি এটি কন্যা শিশু ৷ পথৰ দাঁতিত পেলাই থৈ যোৱা নৱজাতকটিৰ ৰাউচিজোৰা কান্দোন শুনি বাহিৰলৈ ওলাই আহে স্থানীয় ৰাইজ আৰু ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আৰু অতি ক্ষীপ্ৰতাৰে নৱজাতকটিক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় ৷
বৰ্তমান নৱজাতকটি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশুকক্ষত ৰখা হৈছে বুলি জানিব পৰা গৈছে । বৰ্তমান শিশুটিৰ অৱস্থা সংকটমুক্ত বুলি জানিবলৈ দিছে চিকিৎসা মহাবিদ্যালয় সূত্ৰই ।