অসম

assam

ETV Bharat / state

এই শালক স্মৰণ কৰিলে কাৰাগাৰৰ পৰাও পাব মুক্তি

Baliya Baba temple in Sadiya :ঐতিহাসিক পৰিচয় বহন কৰা এক ধৰ্মীয় স্থান । এই স্থানৰ কথা ভাবিলেই সিদ্ধি হয় মনোকামনা ।

By ETV Bharat Assamese Team

Published : 7 hours ago

Baliya Baba temple in Sadiya
শদিয়াৰ বলিয়া বাবা শাল (ETV Bharat Assam)

তিনিচুকীয়া, ৮ অক্টোবৰ: চৰকাৰ আহে, চৰকাৰ যায় যদিও শদিয়াবাসীৰ সমস্যা যেন সদায় সমস্যা হৈয়ে থাকে । শদিয়াবাসীৰ সমস্যা যেন সমাধান নহয় কোনোদিনেই । ৰাজ্য় চৰকাৰে বিভিন্ন আঁচনিৰে ঐতিহাসিক সম্পদৰ সংৰক্ষণৰ লগতে উন্নয়নত গুৰুত্ব প্ৰদান কৰা বুলি দাবী কৰি অহাৰ সময়তেই অৱহেলিত হৈ আছে ঐতিহাসিক স্বাক্ষৰ বহন কৰা এখন শাল ।

অভিযোগ অনুসৰি, তিনিচুকীয়া জিলাৰ শদিয়াৰ ঐতিহাসিক স্বাক্ষৰ বহন কৰা এনে কিছু মহত্ত্বপূৰ্ণ ধৰ্মীয় স্থান আছে যি স্থানসমূহ চৰকাৰৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি নপৰা বাবে আজিও যেন অৱহেলিত হৈ ৰৈছে ৷ শদিয়াৰ অৱহেলিত ধৰ্মীয় স্থানখনেই হৈছে বলিয়া বাবা শাল ।

শদিয়াৰ বলিয়া বাবা শাল (ETV Bharat Assam)

শদিয়াৰ ঐতিহাসিক পৰিচয় বহন কৰা এক ধৰ্মীয় স্থান যাক শদিয়াৰ ৰাইজে শাল বুলি গণ্য কৰে আৰু এইখনেই হৈছে শদিয়াৰ চাৰিখন শালৰ ভিতৰত অন্যতম বলিয়া বাবা শাল । এই শালক কাৰাগাৰত বন্দী হৈ থকা লোকে স্মৰণ কৰিলে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে বুলি জনবিশ্বাস প্ৰচলিত হৈ আহিছে । দূৰদূৰণিৰ পৰা বহু লোকে স্মৰণ কৰি বিভিন্ন সমস্যাৰ সমাধানৰ পথ লাভ কৰি আহিছে । যাৰবাবে বছৰি দূৰ দূৰণিৰ পৰা বহু লোকৰ সমাগম হয় বলিয়া বাবা শালত ।

উল্লেখ্য যে শদিয়াবাসী ৰাইজে এই শালকেইখনলৈ পূজা আগ নবঢ়োৱাকৈ কোনো মাংগলিক কাম আৰম্ভ নকৰে । প্ৰতিগৰাকী লোকে নতুন বছৰত এই শাল সমূহত পূজা আগবঢ়ায় । ঐতিহাসিক শক্তিপীঠসমূহৰ অন্যতম স্থান শদিয়াত আজিও ৰাইজে গভীৰ আধ্যাত্মিক আস্থাৰে এই শাল সমূহত পূজা আগবঢ়ায় ৷ মুঠতে বছৰটোত এই শালসমূহত চাৰিবাৰ পূজা আগবঢ়ায় । কিন্তু তাৰ পাছতো বৰ্তমানৰ চৰকাৰখনে শদিয়াৰ দৰে এখন ঐতিহাসিক ঠাইত এই ধৰ্মীয় স্থানসমূহ আজিও সংৰক্ষণৰ ব্য়ৱস্থা কৰা নাই । ইয়াকে লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।

ৰাইজে বহুবাৰ নিজ দান-বৰঙণিৰে শালখনৰ উন্নয়ন কৰিব চেষ্টা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় । ৰাইজে কেইবাবাৰো স্থানীয় বিধায়ক বলিন চেতিয়াৰ লগতে মন্ত্ৰীক লগ কৰিছে যদিও শালখনৰ উন্নয়ন ফলপ্ৰসূ হোৱা নাই ।

লগতে পঢ়ক:ঐতিহাসিক নাগশংকৰ দেৱালয়ৰ ইতিবৃত্ত: কাছ সংৰক্ষণৰ বাবে উত্তৰ-পূব টি এছ এ ফাউণ্ডেচন ইণ্ডিয়াৰ পদক্ষেপ - Nagshankar Mandir

ABOUT THE AUTHOR

...view details