লখিমপুৰ, 28 মে’:ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱে ৰাজ্যত সংহাৰ সৃষ্টিৰ সময়তে লখিমপুৰত সৃষ্টি হৈছে আন এক বিভীষিকাৰ ৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জিলাখনত চৰম বিপৰ্যয়ৰ আশংকা কৰা হৈছে ৷
উল্লেখ্য যে বংগোপসাগৰত উৎপত্তি হোৱা ঘুৰ্ণিবতাহ ৰেমালৰ প্ৰভাৱ অসমতো পৰিছে । ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাতো পৰিছে ৰেমলৰ প্ৰভাৱ । দেওবাৰৰ নিশাৰ পৰা ৰেমালৰ প্ৰভাৱত লখিমপুৰত বতাহ-বৰষুণ আৰম্ভ হয় । সোমবাৰৰ দুপৰীয়া বতাহ-বৰষুণৰ প্ৰভাৱ কিছু হ্ৰাস পাইছিল যদিও নিশাৰ পৰা পুনৰ প্ৰৱল ৰূপত জিলাখনত বৃষ্টিপাত হয় ।
বৰষুণৰ লগতে বতাহে জিলাখনৰ বিভিন্ন স্থানত ক্ষতিসাধন কৰাৰ খবৰ আহিছে ৷ বিশেষকৈ বতাহৰ প্ৰকোপত গছৰ প্ৰকাণ্ড প্ৰকাণ্ড ডাল ভাগি ক্ষতি কৰিছে । মঙলবাৰে আগবেলা এনেদৰে ডাল ভাগি পৰি থকাৰ ফলত বহু পথৰ যাতায়াত ব্যাহত হয় ৷ যাতায়াত ব্যাহত হোৱাকে ধৰি কেতবোৰ সৰু-সুৰা ক্ষতি হোৱাৰো খবৰ লাভ কৰা গৈছে ।
ৰেমলৰ প্ৰভাৱত জিলাখনত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি জিলাখনলৈ আন এক সংকট নামি আহিছে । জিলাখনৰ বাবে এই সংকট নমাই আনিছে উত্তৰ-পূৱ শক্তি নিগম, চমুকৈ নীপকোৱে ৷ নীপকোৱে অৰুণাচল প্ৰদেশৰ য়াজালিত থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে ।