মৰাণ: যি সময়ত প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলি থকাৰ লগতে আপুৰুগীয়া পশু-পক্ষীক নিধন কৰি আহিছে একাংশই তেনে সময়ত আহত পক্ষীবোৰক নতুন জীৱন দিয়াত ব্যস্ত এগৰাকী প্ৰকৃতিপ্ৰেমী ।
প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম, দায়বদ্ধতা কিমান হ'লে নিজক প্ৰকৃতিৰ সৈতে বিলীন কৰিব পাৰি সেই কথা বুজিব পাৰিব এই প্ৰকৃতিপ্ৰেমীৰ কথা জানিব পাৰিলে ।
সুদীৰ্ঘ ৩৩ বছৰে বিভিন্ন জীৱ-জন্তু আৰু পক্ষী শুশ্ৰূষা কৰি পশু-পক্ষীক নতুন জীৱন দিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ টেপচালিবামৰ ভৰত বৰা নামৰ ব্যক্তিজনে । বিশেষকৈ এই সুদীৰ্ঘ সময়চোৱাত পৃথিৱীৰ পৰাই বিলুপ্ত হ'বলৈ ধৰা ধনেশ পক্ষীৰ লগতে নানা কাৰণে আহত হৈ পৰা বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীক শুশ্ৰূষা কৰি সুস্থ কৰি তোলাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভৰত বৰাই । যিগৰাকী ব্যক্তিৰ দুৰ্দান্ত প্ৰকৃতি প্ৰেমৰ বাবেই তেওঁৰ গাঁওখন ধনেশ পক্ষীৰ গাঁও হিচাপে নামাকৰণ হৈছে ।
বৰাই জানিবলৈ দিয়ামতে তেওঁ চিকিৎসা কৰা পশু-পক্ষী বিলাকৰ মাজত আছে - বাঘ, বান্দৰ, ধনেশ পক্ষী, হাড়গিলা, বৰটোকোলাকে ধৰি বিভিন্ন চৰাই-চিৰিকতি আৰু জীৱ-জন্তু । বৰ্তমানেও ব্যক্তিজনৰ ঘৰত এটা আহত ধনেশ-পক্ষীৰ চিকিৎসা চলি আছে । ভৰত বৰাৰ এই কৰ্মৰাজীৰ কথা কেৱল অসমতেই নহয় ভাৰতবৰ্ষতে চৰ্চিত হৈছে । যাৰ বাবে বিভিন্ন সময়ত দেশ-বিদেশৰ বহু পৰ্যটকে আহি ভিৰ কৰেহি ব্যক্তিজনৰ ঘৰত ।
তিনিটা দশক ধৰি জীৱ প্ৰেমৰ সৈতে একাত্ম হৈ থকা বৰাই এই কামৰ জৰিয়তে এক অনাবিল আনন্দ লাভ কৰাৰ কথাও ব্যক্ত কৰিলে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত বৰাই কয়, "মই এই চৰাই-চিৰিকতিক শুশ্ৰুষাৰ কাম কৰা আজি বহু বছৰেই হ’ল । আজি পৰ্যন্ত ৩৫ টা একেবাৰেই দুস্প্ৰাপ্য যেনে পাখিভগা, ধনেশ পক্ষীকে ধৰি সৰু-বৰ প্ৰায় ৫৫ টা পক্ষীক সেৱা যত্ন কৰি সুস্থ কৰি তুলিছো । হাড়গিলা তিনিটাকো মই কৃত্ৰিম ঠেং লগাই দিছিলো যাৰ ফলত সিঁহত খোজ কাঢ়িবলৈ সক্ষম হৈ উঠিছিল । তদুপৰি শগুণ, বৰটোকোলা আদি পক্ষীকো সুস্থ কৰি তুলিছো আৰু তাৰ পিছত সিহঁতক নিজৰ বাসস্থানলৈ যেতিয়া পঠিয়াবলৈ সক্ষম হৈছোঁ এক সাংঘাতিক আনন্দ অনুভৱ কৰিছো ।"
- বন বিভাগে যোগান ধৰে চিকিৎসাৰ বাবে ধনেশ পক্ষী:
নিজৰ কৰ্ম ব্যস্ততাৰ মাজতো পশু-পক্ষীৰ শুশ্ৰূষাত ব্যস্ত থকা প্ৰকৃতিপ্ৰেমী ভৰত বৰা এতিয়া বন বিভাগৰ বাবেও অতি গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰিছে । ডিব্ৰুগড়, ধেমাজি, শিৱসাগৰ অঞ্চলৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত ধনেশ পক্ষীৰ লগতে আন পক্ষীক দেখিলেই বন বিভাগ আৰু সচেতন ব্যক্তি সকলে খবৰ দিয়ে ভৰত বৰাক । ব্যক্তিজনে অলপো অৱহেলা নকৰি সেই আঘাতপ্ৰাপ্ত পশু-পক্ষীক লৈ আহে নিজ গৃহলৈ ।
লগতে বিভিন্ন ঠাইত উদ্ধাৰ হোৱা ধনেশ পক্ষী বন বিভাগে নিজেই আনি গতাই দিয়ে ভৰত বৰাক। ব্যক্তিজনে নিজ প্ৰচেষ্টাৰে সেই পশু-পক্ষীক চিকিৎসা কৰি সুস্থ কৰাৰ পিছত পুনৰ এৰি দিয়ে অৰণ্যত । চৰকাৰৰ কোনো সাহাৰ্য্য নোপোৱাকৈ ব্যক্তি জনে কৰি আছে এই শুশ্ৰূষা ।