অসম

assam

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ ল'লে ড০ ননীগোপাল মহন্তই - VC of Gauhati University - VC OF GAUHATI UNIVERSITY

Gauhati University : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে বিশিষ্ট শিক্ষাবিদ ড৹ ননীগোপাল মহন্তই যোৱা ২৯ জুলাইত আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰাৰ পিছত সমগ্ৰ বিষয়টোক কেন্দ্ৰ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পিছতেই ১৪ আগষ্টত নহয়, ২১ আগষ্টতহে উপাচাৰ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

VC of Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ ল'লে ড০ ননীগোপাল মহন্তই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 3:16 PM IST

গুৱাহাটী, ২১ আগষ্ট :ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে বুধবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিলে ড৹ ননীগোপাল মহন্তই । এজন উপাচাৰ্য থকা অৱস্থাত আন এজনক নিযুক্তি দিয়াক লৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল যদিও নৱ-নিযুক্তগৰাকীয়ে পুৰণাগৰাকীৰ অৱসৰৰ দিনাহে দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি জনাইছিল । সেই অনুসৰি বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত উপাচাৰ্য ড৹ ননীগোপাল মহন্তই দায়িত্বভাৰ গ্ৰহণ কৰে । তেওঁ পুৱাৰ ভাগতে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ উপাচাৰ্যৰ দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে ।

বিদায়ী উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈৰ পৰা আৰ্শীবাদ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লয় ড৹ মহন্তই । ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি ড৹ ননীগোপাল মহন্তই কয়, "প্ৰাক্তন উপাচাৰ্যসকলৰ লগতে যিসকলৰ ঐতিহাসিক ভূমিকাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হ'ল সেই সকলোৰে প্ৰতি মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো । তেখেতসকলৰ অনবদ্য অৱদানৰ ফলশ্ৰুতিতে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম হৈছিল ১৯৪৮ চনত । গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ ৰাইজৰ আশাৰ সপোন । এই আশাৰ সপোনৰ দায়িত্ব মোক দিয়া হৈছে । মই আশা কৰো সকলোৰে সহযোগিতাত আমাৰ যিটো সপোন- জিলিকাব লুইতৰে পাৰ... তাক বাস্তৱায়িত কৰিব পাৰিম ।"

উল্লেখ যে ড৹ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল । তেওঁ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত তেওঁ ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা পদ ত্যাগ কৰিছিল। এটা অতি সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ড৹ ননীগোপাল মহন্ত শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰৰ প্ৰয়াত লীলা মহন্ত আৰু নিৰুপমা মহন্তৰ পুত্ৰ । কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা ড৹ ননীগোপাল মহন্তই দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।

ড৹ মহন্তই প্ৰথমে কটন কলেজত ৰাজনীতি বিজ্ঞানত অধ্যাপনা আৰম্ভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে । তেওঁ আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু শান্তি অধ্যয়ন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । দেশ-বিদেশৰ বহু আলোচনাচক্ৰত অংশ লোৱা ড৹ ননীগোপাল মহন্তই কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছে। বহু শিক্ষাৰ্থীয়ে তেওঁৰ অধীনত গৱেষণা কৰি ডক্টৰেট পাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ নতুন মোৰ : ২১ আগষ্টতহে দায়িত্বভাৰ ল’ব ড৹ মহন্তই - VC of Gauhati University

গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিলে নাকৰ এ+ গ্ৰেড - Gauhati University

ABOUT THE AUTHOR

...view details