অসম

assam

ETV Bharat / state

নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব ৰামায়ণৰ ৰাম-সীতা; থিয়েটাৰৰ টিকট এইবাৰ অনলাইনত পাব দৰ্শকে

Nalbari Harimandir Raas: নলবাৰীৰ ৰাস মহোৎসৱৰ আছে এক সুকীয়া স্থান । শ্ৰীশ্ৰী হৰিমন্দিৰ বাকৰিত এই মহোৎসৱত সমাগম ঘটে লাখ লাখ দৰ্শনাৰ্থীৰ ।

Nalbari Harimandir Raas
নলবাৰীৰ ৰাস মহোৎসৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

নলবাৰী: অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব নলবাৰীৰ ৰাস মহোৎসৱ । উত্তৰ-পূৱৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰ বাকৰিত অহা ১৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৯১ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । সোমবাৰে হৰিমন্দিৰ কাৰ্যালয়ত ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদমেলযোগে এই কথা সদৰী কৰে ।

নলবাৰীৰ ৰাসত ৰাম-সীতা

এইবাৰ ৰাস মহোৎসৱ উদ্বোধন কৰিব 'ৰামায়ণ'ৰ ৰাম আৰু সীতা দেৱীয়ে । ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল আৰু সীতা দেৱীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দিপীকা চিখলিয়া হ’ব উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ । লগতে 'ৰামায়ণ' ধাৰাবাহিকৰ অভিনেতা-অভিনেত্ৰীও এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱত উপস্থিত থাকিব বুলি কয় ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মৃণ্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱত এইবেলিও থাকিব তিনি ৰাসৰ সমাহাৰ । মৃণ্ময় মূৰ্তি ৰাস, জীৱন্ত ৰাস আৰু পুতলা ৰাসৰ সমাহাৰ থাকিব নলবাৰীৰ ৰাসত ।

নলবাৰীৰ ৰাস মহোৎসৱ (ETV Bharat Assam)

১১ টা ভ্ৰাম্যমাণ থিয়েটাৰৰ দলে প্ৰদৰ্শন কৰিব নাট

উল্লেখযোগ্য যে নলবাৰীৰ পবিত্ৰ হৰিমন্দিৰ বাকৰিত এইবাৰো বাণিজ্য মেলা, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ মেলা, স্থানীয় আত্মসহায়ক গোটসমূহৰ বাণিজ্যিক ষ্টলৰ লগতে অসমৰ আগশাৰীৰ ১১ টা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ নাট প্ৰদৰ্শন হ’ব । নলবাৰী ৰাসত ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ চলিব ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটযুদ্ধ ।

অনলাইন যোগে থিয়েটাৰৰ টিকট

উল্লেখ্য় যে নলবাৰীৰ ৰাস বুলিলে থিয়েটাৰ সমূহত উবুৰি খাই পৰে হাজাৰ হাজাৰ দৰ্শক । এইবাৰ দৰ্শকৰ সুবিধাৰ্থে পোন প্ৰথমবাৰৰ বাবে নলবাৰী ৰাসত অনলাইন যোগে দৰ্শকে লাভ কৰিব থিয়েটাৰৰ টিকট । কোনো দৰ্শকে থিয়েটাৰৰ কাউন্টাৰত শাৰী নপতাকৈ অনলাইন যোগে হৰিমন্দিৰ ৱেৱছাইটত লাভ কৰিব পাৰিব নিজৰ নিজৰ টিকট । কেৱল থিয়েটাৰৰেই নহয়, ৰাসত সমাহাৰ ঘটা বিভিন্ন বিপণিবোৰেও নিজৰ নিজৰ ঠাইৰ বাবে অনলাইনত আৱেদন কৰিব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ।

অনুষ্ঠিত নহয় লটাৰী খেল

আনহাতে, নলবাৰীৰ ৰাসত এইবাৰ অনুষ্ঠিত নহয় কোনো লটাৰী খেল । উচ্চ ন্যায়লয়ৰ নিৰ্দশনাৰ পিচতে নলবাৰীৰ ৰাস সমিতিয়েও অনুষ্ঠিত নকৰে কোনো ধৰনৰ লটাৰী খেল । উক্ত সংবাদমেলৰ পূৰ্ৱে জীৱন্ত ৰাস আৰু ভাওনাৰ কৰ্মশালা শুভাৰম্ভণি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেতা মনমথ বৰুৱা ।

লগতে পঢ়ক:পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

কৰম পূজাত মাদলৰ ছেৱে ছেৱে ঝুমুৰ নৃত্য় - Karam Puja 2024

ABOUT THE AUTHOR

...view details