নগাঁও : নিজে পতা জালত নিজেই বন্দী ডকাইতৰ এটা দল ৷ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ডকাইতৰ এটা দলক হাতে-লোটে ধৰিবলৈ সক্ষম হ’ল নগাঁও আৰক্ষী ৷ নগাঁও আৰক্ষীৰ বিচক্ষণতাৰ বাবে বিপদৰ পৰা ৰক্ষা পৰিল নগাঁওবাসী ৷
উল্লেখ্য যে, নগাঁৱৰ এটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ নিৰ্বাচন আৰু ভোটগণনাক কেন্দ্ৰ কৰি ব্যস্ততা বৃদ্ধি পাইছে জিলা প্ৰশাসনৰ ৷ কিন্তু এই সুযোগ গ্ৰহণ কৰিছে একাংশ দুষ্ট চক্ৰই ৷ জিলাখনত পুনৰ সক্ৰিয় হোৱাৰ পৰিকল্পনা আৰম্ভ কৰিছে একাংশ অপৰাধী চক্ৰই ।
পৰিকল্পনা নহ’ল সাৰ্থক (ETV Bharat Assam)
সোমবাৰে সন্ধিয়া নগাঁৱৰ চামগুৰি আৰু ৰূপহীহাটৰ কুখ্যাত অপৰাধী চক্ৰ এটাই তিনিখন বাহনেৰে জিলাখনৰ কোনো এটা প্ৰান্তত ডকাইতি কৰিবলৈ সাজু হৈছিল । সন্ধিয়াৰ পাছতেই নানা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ ডকাইতৰ দলটোৱে তিনিখনকৈ বাহন লৈ খাপ পিটিছিল নগাঁও জিলাত । কিন্তু আগতেই ডকাইতৰ দলটোৰ এই পৰিকল্পনাৰ বিষয়ে সকলো তথ্য লাভ কৰিছিল নগাঁও আৰক্ষীয়ে ।
নগাঁও আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিতেই ডকাইতৰ দলটোৰ পৰিকল্পনা ব্যৰ্থ কৰাৰ বাবেও কৌশল ৰচনা কৰে ৷ সন্ধিয়াৰ পৰা নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বাৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আৰম্ভ কৰে অভিযান ।