নগাঁও, 20 ফেব্ৰুৱাৰী: আগন্তক বাৰিষাৰ পূৰ্বেই নগাঁও জিলাৰ সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈছে নগাঁও জিলা প্ৰশাসন । ২০২৪ বৰ্ষৰ বাবে জিলাখনৰ সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যেই মঙলবাৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত কৰে নগাঁও জিলা প্ৰশাসনে ।
নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলাখনৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হয় । জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকখনত আগন্তক বানৰ ফলত হ'ব পৰা ক্ষতি হ্ৰাস কৰাৰ বাবে ইতিমধ্যে হাতত লোৱা তথা প্ৰয়োজন হ'ব পৰা বিভিন্ন প্ৰস্তুতিমূলক কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ।
বৈঠকত বান সাহাৰ্য শিবিৰৰ উপলব্ধতা, সাহাৰ্য শিবিৰত খোৱাপানী, বিদ্যুৎ সংযোগ আদি বিষয়ৰ আলোচনা কৰা হয় । ইয়াৰোপৰি বানৰ পিচত বানাক্ৰান্ত এলেকাসমূহত দেখা দিয়া বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবেও স্বাস্থ্য বিভাগৰ প্ৰতিনিধিক প্ৰয়োজনীয় ঔষধৰ সৈতে সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় ।
অন্যান্য প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা যেনে লাইফ জেকেট, ৰবৰৰ নাও উপলব্ধতা বিষয়েও বৈঠকত আলোচনা কৰা হয় । আয়ুক্তগৰাকীয়ে বানৰ আগত, বানৰ সময়ত আৰু বানৰ পিচত ল’বলগীয়া বা সম্পাদন কৰিবলগীয়া কাৰ্যকলাপৰ বিষয়ে সভাক বিশেষভাৱে অৱগত কৰে । ইয়াৰ লগতে বৈঠকত পশুখাদ্য উপলব্ধতা বিষয়েও আলোচনা কৰা হয় ।