নগাঁও, ১০ ছেপ্টেম্বৰ :নগাঁও জিলাত আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে শ্ৰমিকসকলক বাগিচাসমূহে দিবলগীয়া বোনাছৰ ঘোষণা ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰিব লাগিব । এই বিষয়ে ১৫ ছেপ্টেম্বৰৰ ভিতৰত জিলা আয়ুক্ত কাৰ্যালয় তথা জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত জমা দিব লাগিব । সোমবাৰে বিয়লি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত আয়োজিত এক গুৰুত্বপূৰ্ণ সভাত আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এই নিৰ্দেশ জাৰি কৰে ।
- সকলোৱে মানিব লাগিব জিলা আয়ুক্তৰ নিৰ্দেশ
চাহ বাগিচাৰ শ্ৰমিকসকলৰ আগন্তুক দুর্গা পূজাৰ উপলক্ষে পাবলগীয়া বোনাছ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত হয় । আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত আয়ুক্তগৰাকীয়ে দুৰ্গা পূজা উপলক্ষে শ্ৰমিকসকলক বাগানসমূহে দিবলগীয়া বোনাছৰ ঘোষণা ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰি জিলা আয়ুক্ত কাৰ্যালয় তথা জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়ে ।
- শান্তি শৃংখলা বজায় ৰাখিবলৈ আহ্বান
জিলা আয়ুক্তগৰাকীয়ে বোনাছ বিতৰণৰ সময়ত সকলো বাগিচা কৰ্তৃপক্ষক শান্তি শৃংখলা বজায় ৰখাৰ লগতে যদি বিতৰণৰ সময়ত সুৰক্ষা কৰ্মীৰ প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে আগতীয়াকৈ জিলা আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় । আয়ুক্তগৰাকীয়ে চাহ বাগিচাসমূহত চলি থকা চৰকাৰী বিভিন্ন আঁচনিসমূহৰ বুজ লয় । লগতে আধাৰকাৰ্ড আৰু গৰ্ভৱতী মহিলাৰ ‘‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনি’’ৰ অগ্ৰগতিৰ সন্দৰ্ভতো বুজ লয় ।