ETV Bharat / state

অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল নকৰে ড৹ অনিল শইকীয়াই

এগৰাকী নমস্য ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হ'ব বুলি আশাবাদী ড৹ অনিল শইকীয়া ৷ কিন্তু মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ পাছতো দাখিল নকৰে তেওঁ ৷

ASSAM SAHITYA SABHA ELECTION
অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল নকৰে ড৹ অনিল শইকীয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 10:40 AM IST

ডিব্ৰুগড় : অসমীয়াৰ স্বাভিমানৰ এক জাতীয় অনুষ্ঠান হ'ল অসম সাহিত্য সভা । অসমৰ সাহিত্য ক্ষেত্ৰ শক্তিশালী কৰা বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি গৈছে । কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাৰ প্ৰতিটো কাম-কাজতেই ব্যাপক খেলিমেলি আৰু বিৰ্তক সৃষ্টি হোৱা দেখা গৈছে ।

বিশেষকৈ দুটা বছৰৰ মূৰত নিৰ্বাচন আহি পালে আৰম্ভ হয় বিতৰ্ক । পূৰ্বৰ বছৰ সমূহৰ দৰে এইবাৰো অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ আৰম্ভ হৈছে ব্যাপক বিৰ্তক । একাংশ অসাহিত্যিকে অসম সাহিত্য সভাৰ ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ উঠিপৰি লাগিছে ।

অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল নকৰে ড৹ অনিল শইকীয়াই (ETV Bharat Assam)

বিষয়বাবৰ লালসাত এচাম অ-সাহিত্যিকৰ দপদপনিত অসমৰ বৃহৎ জাতীয় অনুষ্ঠানটো ধ্বংসৰ দিশে গতি কৰিছে বুলি বহুতেই অভিযোগ তুলিছে । অ-সাহিত্যিকৰ দপদপনিত অসম সাহিত্য সভাৰ দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকিব লগা হৈছে বহু যোগ্য ব্যক্তি ।

অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক, প্ৰাক্তন মুখপাত্ৰ তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ অনিল শইকীয়াই এইবাৰ উপ-সভাপতিৰ পদ বাবে মনোনয়ন সংগ্ৰহ কৰিছিল । কিন্তু অসম সাহিত্য সভাৰ পদবীক লৈ যি বিৰ্তক সৃষ্টি হৈছে এনে বিৰ্তক দেখি সাহিত্য সভাৰ দায়িত্ব ল'বলৈ অনিচ্ছুক লোক-সংস্কৃতিৰ গৱেষক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক, প্ৰাক্তন মুখপাত্ৰ কিম্বা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ অনিল শইকীয়া ।

লগতে পঢ়ক : অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ

মনোনয়ন পত্ৰ সংগ্ৰহ কৰা পাছতো দাখিল নকৰে বুলি বৃহস্পতিবাৰে নিশা মৰাণত জানিবলৈ দিলে ড৹ অনিল শইকীয়াই । নিজে উপ- সভাপতি পদৰ বাবে মনোনয়ন দাখিল নকৰিলেও এগৰাকী নমস্য ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হ'ব বুলি আশাবাদী বুলি কয় ড৹ অনিল শইকীয়াই ।

  • কিয় মনোনয়ন দাখিল নকৰে ড৹ অনিল শইকীয়াই :

মনোনয়ন দাখিল নকৰা সম্পৰ্কত ড৹ অনিল শইকীয়াই কয়, ‘‘অসম সাহিত্য সভা হ'ল অসমীয়াৰ সৰ্ব বৃহৎ জাতীয় অনুষ্ঠান । প্ৰত্যেক দুবছৰ মূৰে মূৰে অসমীয়া মানুহে বাট চাই থাকে কোন অসম সাহিত্য সভাৰ সভাপতি হ'ব । কিন্তু ৩১ অক্টোবৰত উচ্চস্তৰীয় সমিতিয় বৈঠক হৈছিল ৷ তাত ৫ জনীয়া সভাপতিৰ তালিকা প্ৰস্তুত কৰা হৈছিল । সেই তালিকা গোপনে থাকিব লাগিছিল যদিও ৰাজহুৱা হ'ল ।’’

‘‘উচ্চস্তৰীয় সমিতিত থকা দুজন ব্যক্তিয়ে নিজৰ নাম সভাপতিৰ বাবে অনুমোদন কৰিছে । যি কথাই বিৰ্তক সৃষ্টি কৰিছে । এনে বিৰ্তকৰ বাবে মনোনয়ন দাখিল নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।’’ তেওঁ কয় ৷

লগতে পঢ়ক : উচ্চস্তৰীয় সমিতিৰ তালিকা সাহিত্য সভাৰ বাবে অশনি সংকেত: ডঃ অনিল শইকীয়া

লগতে পঢ়ক : কোনে প্ৰকাশ কৰিলে সভাপতিৰ তালিকা ? একো গমেই নাপায় সাহিত্য সভাৰ সভাপতিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.