ETV Bharat / bharat

মণিপুৰত পুনৰ হিংসাৰ দাবানল; নিহত মহিলা, ভস্মীভূত ১০ টা ঘৰ - MANIPUR VIOLENCE

বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৪০ বজাত আক্ৰমণ সংঘটিত হয় মণিপুৰৰ এখন মাৰ গাঁৱত ৷ এগৰাকী মহিলাই প্ৰাণ হেৰুৱায় এই আক্ৰমণত ৷

FRESH VIOLENCE IN MANIPUR
মণিপুৰত পুনৰ হিংসাৰ দাবানল (ETV Bharat File Photo)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 11:10 AM IST

গুৱাহাটী: হিংসাজৰ্জৰ মণিপুৰত পুনৰ অশান্তিকৰ পৰিস্থিতি । মণিপুৰৰ জিৰিবাম অঞ্চলৰ পৰা নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । সন্দেহযুক্ত মেইটেই উগ্ৰপন্থীয়ে এখন মাৰ গাঁৱত চলোৱা আক্ৰমণত এগৰাকী মহিলা নিহত হয় । লগতে দহটা ঘৰত অগ্নিসংযোগ কৰা হয় ।

মণিপুৰৰ কেইবাটাও জনজাতীয় সংগঠনৰ একত্ৰিত মঞ্চ 'ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰাম' (আই টি এল এফ)-এ শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে । আই টি এল এফে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৪০ বজাত সশস্ত্ৰ মেইটেই বাহিনী আৰামবাই টেংগোল আৰু ইউ এন এল এফ গোটে জিৰিবামৰ জেইৰন গাঁৱত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ।"

"প্ৰায় এঘণ্টা ধৰি গুলীবৰ্ষণ অব্যাহত থাকে । এই আক্ৰমণৰ সময়ত দহটাতকৈও অধিক ঘৰত অগ্নিসংযোগ কৰা হয় । আনহাতে, নিজৰ ঘৰত সংঘটিত অগ্নিকাণ্ডত চাংকিম নামৰ এগৰাকী মহিলা অগ্নিদগ্ধ হৈ মৃত্যু হয় ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

মেইটেই সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ

ইফালে শেহতীয়াকৈ কে চি পি-পি ডব্লিউ জি মিলুটেণ্ট গোটৰ এক বৃহৎ সশস্ত্ৰ কেডাৰে কাংপোকপি জিলাৰ কাংচুপ পাটজাং গাঁও দখল কৰা বিষয়ত উদ্বেগ প্ৰকাশ কৰি আই টি এল এফে কয় যে কুকি অঞ্চলত তেওঁলোকৰ অনুপ্ৰৱেশৰ ফলত কুকি লোকসকলৰ মাজত তীব্ৰ উত্তেজনা আৰু ভয়-শংকাৰ সৃষ্টি হৈছে ।

আই টি এল এফে মেইটেই উগ্ৰপন্থী সংগঠনসমূহৰ বিৰুদ্ধে নিষ্ক্ৰিয় ভূমিকাৰ বাবে বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰকো তীব্ৰ গৰিহণা দি কয় যে কুকি-জো অঞ্চলত সশস্ত্ৰ মেইটেই উগ্ৰপন্থীসকলে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰাটোৱে তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে ।

আই টি এল এফৰ নেতাসকলে কয়, "আমাৰ ভূমিৰ ভিতৰত এই নিয়ন্ত্ৰিত সামৰিকীকৰণক কুকি-জো লোকসকলৰ বিৰুদ্ধে প্ৰণালীবদ্ধ হিংসাত নিজৰ ভূমিকাৰ পৰা মনোযোগ আঁতৰাই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কৰা কেৱল এক ভয়ানক কৌশল হিচাপেহে প্ৰত্যক্ষ কৰা যায় ।"

আই টি এল এফৰ নেতাসকলে লগতে কয় যে চৰকাৰে আৰামবাইৰ দৰে সন্ত্ৰাসবাদী গোটসমূহক নিষিদ্ধ কৰিব লাগিব আৰু মেইটেই অধ্যুষিত অঞ্চলসমূহৰ ভিতৰত মেইটেই উগ্ৰপন্থী শিবিৰসমূহ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব । লগতে সতৰ্ক কৰি দিয়ে যে কুকি-জো সম্প্ৰদায় এই ক্ষেত্ৰত নীৰৱ দৰ্শক হৈ নাথাকিব । কিয়নো তেওঁলোকৰ ভূমি আৰু জীৱন বিপদাপন্ন হৈ আছে ।

লগতে পঢ়ক :অদৃশ্য সন্ত্ৰাসবাদৰ মোকাবিলাৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজন: অমিত শ্বাহ
লগতে পঢ়ক :সন্ত্ৰাসমুক্ত ভাৰত গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.