ডিব্ৰুগড়: আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই আহিছে অসম চৰকাৰে । তথাপিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনে চলাই থকা কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে দিনে-নিশাই চেষ্টা অব্যাহত ৰখা সময়ত পোহৰলৈ আহিছে আন এক ভয়ানক খবৰ । উজনিত সহজে ধন ঘটাৰ লক্ষ্যৰে গঠন হৈছে ভুৱা আলফাৰ দল । একপ্ৰকাৰে উজনিত ভুৱা আলফাৰ দলে টোপনি কাঢ়িছে আৰক্ষীৰ ।
আলফাৰ লিংকমেন বিচাৰি আৰক্ষীয়ে জিলাই জিলাই অভিযান চলোৱাৰ সময়ত ভুৱা আলফাৰ দলে উজনিৰ ডিব্ৰুগড়, তিনিচুকীয়া চৰাইদেউ, শিৱসাগৰৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিছে কোটিৰ ঘৰত । যিসমূহ ঘটনাৰ কোনো উমঘাম পোৱা নাছিল অসম আৰক্ষীয়ে । ইয়াতকৈ চিন্তাৰ বিষয়টো হ'ল নাগালেণ্ডৰ এন এছ চি এন (কে)ৰ পৰা প্ৰশিক্ষণ লৈছে ভুৱা আলফাৰ দলটোৱে । ভুৱা আলফাৰ দলে নিৰ্মাণ কৰিছে আনকি বোমা আৰু বিস্ফোৰণৰ সামগ্ৰী । শনিবাৰে এখন সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে ৷
আৰক্ষীৰ মতে প্ৰায় ১৫ জনীয়া এই দলটোত আছে বহু দাগী অপৰাধী । বিভিন্ন ঘটনাত জেলৰ ভাত খোৱা ব্যক্তিৰে এই ভুৱা আলফাৰ দলটো গঠন হোৱা বুলি নিশ্চিত হৈছে আৰক্ষী । দুলীয়াজানৰ এটা ধন দাবী ঘটনাৰ তদন্ত আগবঢ়াই আৰক্ষীয়ে ডিব্ৰুগড়-তিনিচুকীয়াত শনিবাৰ পৰ্যন্ত আটক কৰিছে চাৰিজনক । ভুৱা আলফাৰ দলটোৰ মূল ব্যক্তি হিচাপে বিবেচিত হোৱা বিতোপণ গোঁহাই ওৰফে জয়ন্ত গগৈক দুলীয়াজানৰ হুকুতা চাৰিআলিস্থিত নতুন বাছ আস্থানৰ এটা ভাৰাঘৰৰ পৰা শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে । সমগ্ৰ ঘটনাক লৈ দুলীয়াজান থানাত সংবাদমেল সম্বোধন কৰিলে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে ।
কেনেকৈ আৰক্ষীৰ জালত পৰিল ভুৱা আলফাৰ দলটো: