নগাঁও,২০ এপ্ৰিল:দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিত তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ । শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা, তথা এন এছ ইউ আইৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি নাদিম জাবেদ । শনিবাৰে নগাঁৱৰ কঁচুৱাৰ পিচত নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰী ঈদগাহ ফিল্ডত অনুষ্ঠিত এক প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে উত্তৰ প্ৰদেশৰ পৰা অহা কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা নাদিম জাবেদে ।
নগাঁৱৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা নাদিম জাবেদ । পূৰ্বে নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতিক পেৰডী আখ্যা দিলে ৰাষ্ট্ৰীয় কংগ্ৰেছী নেতাগৰাকীয়ে । পোন্ধৰ লাখকৈ টকা, দুই কোটি চাকৰি, ক’লা ধন ওভতাই অনা প্ৰসংগও উল্লেখ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে নাদিম জাবেদ ।
এইবাৰৰ লোকসভা নিৰ্বাচন বহু গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে ড৹ বি আৰ আম্বেদকাৰে ৰচনা কৰা সংবিধান নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি এক বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতা নাদিম জাবেদে । এইবাৰ নিৰ্বাচনত দেশৰ কোনো প্ৰান্ততে মোদী ঢৌ নথকাৰ কথাও উল্লেখ কৰি ২০০৪ চনৰ দৰে দেশবাসীয়ে এইবাৰ বিজেপিক বিদায় দিব বুলি মন্তব্য কৰি বিজেপি এইবাৰ ১৮০ খনতকৈয়ো কম আসনত সন্তুষ্ট থাকিব লাগিব বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাজনে ।
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পদযাত্ৰা কৰা ৰাহুল গান্ধী কাকো ভয় কৰা নেতা নহয় ৷ এইবাৰ ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও উল্লেখ কৰি ৰাহুল গান্ধী নেতৃত্বাধীন চৰকাৰৰ প্ৰদ্যুৎ বৰদলৈয়ো অংশীদাৰ হ’ব বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতাগৰাকীয়ে । পি চিদাম্বৰম, অৰবিন্দ কেজৰিৱালক জেললৈ প্ৰেৰণ কৰা সন্দৰ্ভতো মন্তব্য কৰে কংগ্ৰেছ নেতা নাদিম জাবেদে । আনকি ৰাহুল গান্ধীৰ মহাব্বত কি দোকানৰ প্ৰসংগও নিজৰ ভাষণত উল্লেখ কৰে ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ।