অসম

assam

ঈদ উল ফিটৰ পালনৰ তাৎপৰ্য - Eid Ul Fitr 2024

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 7:06 PM IST

Updated : Apr 10, 2024, 8:32 PM IST

Eid Ul Fitr: বৃহস্পতিবাৰে অসম তথা সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব ঈদ উল ফিটৰ । ঈদ উল ফিটৰ কিয় আৰু কেনেদৰে পালন কৰা হয় ? ঈদ উল ফিটৰত নাথাকে ধনী দুখীয়াৰ বিশেষ পাৰ্থক্য । নাথাকে কোনো ভেদাভেদ । ভাতৃত্ববোধ আৰু সম্প্ৰতিৰ চানেকি ঈদ উল ফিটৰ । ঈদ উল ফিটৰ তাৎপৰ্যৰ বিষয়ে জানিবলৈ পঢ়ক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Eid Ul Fitr 2024
Eid Ul Fitr

নগাঁও, ১০ এপ্ৰিল:মাহজোৰা ৰোজাৰ অন্তত অৱশেষত পালেহি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ উল ফিটৰ । কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে ঈদ উল ফিটৰ উদযাপৰৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে । ইছলামিক বর্ষ পঞ্জিকাৰ নৱম মাহ ৰমজানৰ ৩০ টাকৈ ৰোজা অৰ্থাৎ ৩০ দিনীয়া উপবাস থকাৰ অন্তত পালন কৰা হয় ঈদ উল ফিটৰ ।

ইয়াৰে কোনোটো বৰ্ষত ২৯ দিনতো সমাপ্ত হয় ৰমজানৰ ৰোজা । এয়া নিৰ্ভৰ কৰে জোনৰ অৱস্থিতিৰ ওপৰত । ৰমজান মাহৰ জোন মাৰ যোৱাৰ পিচত আকাশত দেখা যায় ঈদ উল ফিটৰৰ ন-জোন । ঈদ উল ফিটৰৰ জোন দেখাৰ লগে লগে সৰ্বত্ৰে আৰম্ভ হয় ঈদ উল ফিটৰৰ উছাহ উদ্দীপনা । এইদৰেই আজি অসম ভাৰতৰ আকাশত দেখা দিয়ে ঈদ উল ফিটৰৰ ন-জোনে । কাইলৈ আনন্দ উল্লাহেৰে পালন কৰা হ’ব ঈদ উল ফিটৰ ।

বছৰজোৰা অপেক্ষাৰ অন্তত কাইলৈ পালন কৰা হ'ব ঈদ উল ফিটৰ । সকলোৱে এজোৰ নতুন কাপোৰ পৰিধান কৰিব এই ঈদত । বিগত কেইদিন বজাৰতো দেখা পোৱা গৈছে ভিৰ । শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে এজোৰ নতুন কাপোৰ পৰিধানৰ লগতে গাত সুগন্ধি লগাই আদায় কৰিব দুই ৰাকাত ঈদৰ নামাজ । নামজৰ ক্ষেত্ৰত ইছলাম ধৰ্মাৱলম্বী লোকৰ দুই সমাজৰ কিছু পৃথক নিয়মো আছে ।

আহলে হাদিছৰ মুজহাব (সমাজৰ)লোকৰ পুৰুষৰ সমান্তৰালকৈ মহিলা সকলেও জামাতত আদায় কৰে ঈদ উল ফিটৰৰ নামাজ । কিন্তু ইয়াৰ বিপৰীতে হানাফি মুজহাবৰ কেৱল পুৰুষসকলেহে জামাতত (সমূহীয়া) আদায় কৰে ঈদ উল ফিটৰৰ নামাজ । বিশেকৈ ঈদৰ দিনা নতুন বস্ত্ৰ পৰিধানৰ লগতে পৰিয়াল আত্মীয় স্বজনৰ সৈতে তৃপ্তিৰে এসাজ আহাৰ গ্ৰহণ কৰাটোও ঈদ উল ফিটৰৰ আন এক বিশেষত্ব ।

এইক্ষেত্ৰত পিচপৰি নাথাকে সমাজৰ দুখীয়া দৰিদ্ৰ লোকসকলো । আচলতে ঈদ উল ফিটৰৰ আন এক তাৎপৰ্যই হৈছে জাকাত আৰু ফিটৰা আদায় কৰে । সমাজৰ যিসকল ধনী ব্যক্তিয়ে যিদৰে উৎসাহ উদ্দীপনাৰে ঈদ উদযাপন কৰে একেদৰে দুখীয়া দৰিদ্ৰসকলকো ঈদৰ আনন্দ উপভোগ কৰাত সহায় কৰিব লাগে ধৰ্ণাঢ্য ব্যক্তিসকলে । এইক্ষেত্ৰত প্ৰতিজন সামৰ্থ থকা ব্যক্তি তথা পৰিয়ালে প্ৰথমে নিজৰ আত্মীয়, চুবুৰীয়া কোনোবা ঈদ উদযাপনৰ পৰা বঞ্চিত হৈছে নেকি তাৰো খবৰ ৰখাটোও একপ্ৰকাৰ জৰুৰী ।

যাতে কোনো ব্যক্তি ঈদৰ আনন্দৰ পৰা বঞ্চিত নহয় অৰ্থৰ অভাৱত । ঈদ উল ফিটৰত ধনী ব্যক্তিসকলৰ বাবে ইছলাম ধৰ্মৰ নিয়ম অনুসৰি বাধ্যতামূলক কৰা হৈছে ফিটৰা অথবা জাকাত । এইবাৰ ফিটৰাৰ ক্ষেত্ৰত 1633 গ্ৰাম ঘেঁহু অথবা আটাৰ মূল্য হিচাপে পৰিয়ালৰ একোজনকৈ সদস্যৰ বাবদ 60 টকা নিৰ্দ্ধাৰণ কৰা হৈছে ।

আনকি জাকাত সন্দৰ্ভত নগাঁৱৰ ভকতগাঁও হাফিজিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক আলহাজ, হাফিজ, মৌলানা হবিবুৰ ৰহমান কাছিমীয়ে ই টিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত উল্লেখ কৰা মতে, কোনো ব্যক্তিৰ ঘৰত অথবা নিজৰ হাতত 52.5 তোলা অথৱা ভৰি ৰূপ অথবা ৰূপৰ মূল্য হিচাপে নগদ ধন জমা থাকিলে জাকাট দিয়াটো জৰুৰী অথবা বাধ্যতামূলক ।

একেদৰে সোণৰ ক্ষেত্ৰত কোনো ব্যক্তি অথবা পৰিয়ালৰ হাতত যদি 7.5 তোলা সোণ অথৱা সোণৰ গহনা থাকে তেন্তে দিব লাগিব জাকাত । ব্যৱসায়িক ক্ষেত্ৰতো যদি ব্যৱসায়িক সামগ্ৰী 42 হাজাৰ টকাৰ অধিক জমা থাকে তেন্তে দিব লাগিব জাকাত । ঋণগ্ৰস্ত লোকৰ যদি ঋণৰ পৰিমাণ হিচাপ কৰিও 42 হাজাৰ টকা জমা হিচাপে থাকে তেন্তে দিব লাগিব জাকাত । এইক্ষেত্ৰত বহু নিয়মীয়াৱলী থকা বুলিও জনালে মৌলানা হবিবুৰ ৰহমানে ।

জাকাত দিবলগীয়া ব্যক্তিগৰাকী প্ৰথমে ইছলাম ধৰ্মাৱলম্বী হ’ব লাগিব । ব্যক্তিগৰাকী জ্ঞানী অৰ্থাৎ নিজৰ সম্পত্তি নিজে সুৰক্ষিত কৰি ৰাখিব পৰা হ’ব লাগিব । আনকি ব্যক্তিগৰাকী আজাদ হ’ব লাগিব অৰ্থাৎ কাৰো গোলাম হ’ব নোৱাৰিব । এইক্ষেত্ৰত জাকাত জৰুৰী হোৱা ব্যক্তিগৰাকী নিজৰ ঠাইত নাথাকি 48 মাইল দূৰৈত থাকিলে জাকাত দিয়াটো জৰুৰী নহয় বুলিও জনাইছে মৌলানাগৰাকীয়ে ।

জাকাত আদায় দিয়াৰ ক্ষেত্ৰত জাকাত জৰুৰী হোৱা ব্যক্তিয়ে মূলধনৰ আঢ়ৈ শতাংশ জাকাত হিচাপে দুখীয়া দৰিদ্ৰ লোকক ঈদ উল ফিটৰৰ নামাজ আদায়ৰ পূৰ্বেই আদায় দিব লাগে । যাতে ঈদৰ নামাজলৈ যোৱাৰ সময়ত দুখীয়া দৰিদ্ৰ লোকেও এসাজ নতুন কাপোৰ পৰিধান কৰিব পাৰে । ঈদ উল ফিটৰৰ দুই ৰাকাত উৱাজিব নামজৰ অন্তত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনাও কৰা হয় ।

আনহাতে ঈদ উল ফিটৰৰ আন এক তাৎপৰ্য হৈছে ধৰ্মীয় তথা সকলো ভেদাভেদ পৰিহাৰ কৰি এজনে আনজনক আলিংগন কৰা, সকলোকে লৈ পিঠা-পনাকে আদি কৰি এসাজ লগে ভাগে খোৱা,অতিথি আপ্যায়ন কৰা । যিয়ে দাঙি ধৰে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ আন এক অনন্য নিদৰ্শন ।

লগতে পঢ়ক:পদবীৰে নহয়, মানুহ ডাঙৰ হয় নিজৰ সৎ কৰ্মেৰে; প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ব্যক্তিয়ে - Communal harmony

Last Updated : Apr 10, 2024, 8:32 PM IST

ABOUT THE AUTHOR

...view details