নলবাৰী, ১০ জুন:নলবাৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ত অসমীয়া সমাজ জীৱনৰ পৰা বিলুপ্ত হ'বলৈ ধৰা বিভিন্ন সা-সঁজুলিৰে স্থাপন কৰা হৈছে এটা সংগ্ৰহালয় । যিসময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্য়াক লৈ চৰ্চা হ'বলৈ ধৰিছে তেনে সময়তেই একাংশ লোকে এই বিদ্য়ালয়সমূহক যিকোনো প্ৰকাৰে জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা চলাই আছে । এনে এখন ছবিয়েই দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ডিৰুৱাৰ গোপালথান মিলন এম ই স্কুলত ।
জিলাখনৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ডিৰুৱাৰ চৰকাৰী বিদ্যালয়খনে গ্ৰহণ কৰা এই বিশেষ আদৰণীয় প্ৰদক্ষেপক লৈ ৰাইজৰ মাজত আৰম্ভ হৈছে চৰ্চা । এই বিদ্যালয়খনত স্থাপন কৰা হৈছে সমাজৰ পৰা বিলুপ্ত হ'বলৈ ধৰা অসমীয়া জনজীৱনত ব্যৱহৃত বিভিন্ন সা-সঁজুলিৰ এটা সংগ্ৰহালয় । বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ডিৰুৱাৰ গোপালথান মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক কুলেন বৰ্মনৰ নেতৃত্বত বিদ্যালয় কৰ্তৃপক্ষই হাতত লৈছে এই আদৰণীয় প্ৰদক্ষেপ ।
অসমীয়া সমাজৰ পৰা বিলুপ্ত হ'বলৈ ধৰা বিভিন্ন সা-সঁজুলি নৱপ্ৰজন্ম তথা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে চিনি পোৱাত সুবিধা হোৱাকৈ বিদ্যালয় কৰ্তৃপক্ষই এই বিশেষ পদক্ষেপেৰে সা-সঁজুলিসমূহ সংগ্ৰহালয়টোত ৰাখিছে । সংগ্ৰহালয়টোত আছে গৰুগাড়ী, নাঙল, যুঁৱলিকে আদি কৰি খেতিপথাৰত ব্যৱহৃত বিভিন্ন সঁজুলি, তাঁতশালত ব্যৱহৃত সঁজুলি আৰু মাছ মাৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি ।