অসম

assam

ETV Bharat / state

২০২৬ৰ পূ্ৰ্বেই পতন ঘটিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ: এই ভৱিষ্যদ্বাণী কাৰ ?

অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰীৰ আসনত বহিব ৰাহুল গান্ধী । ২০২৬ৰ পূৰ্বেই পতন ঘটিব অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । কোনে কৰিলে এই ভৱিষ্যদ্বাণী ?

By ETV Bharat Assamese Team

Published : 5 hours ago

MP Rakibul Hussain
২০২৬ ৰ পূ্ৰ্বেই পতন ঘটিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ (ETV Bharat Assam)

নগাঁও:"২০২৬ চনৰ পূৰ্বেই পতন ঘটিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । কম সময়ৰ ভিতৰতে সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰীও । প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব কংগ্ৰেছৰ ৰাহুল গান্ধী ।" ৰাজ্যত উপ-নিৰ্বাচনৰ ঢৌ চলি থকাৰ মাজতে এই ভৱিষ্যদ্বাণী কোনো জ্যোতিষীয়ে কৰা বুলি যদি ভাবিছে তেন্তে আপুনি ভুল কৰিছে । এই ভৱিষ্যদ্বাণী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে একালৰ অতি ঘনিষ্ঠ বন্ধু তথা বৰ্তমানৰ বিৰোধী সাংসদ ৰকিবুল হুছেইনৰ ।

লগতে পঢ়ক:পুত্ৰ তাঞ্জিলক লৈ চামগুৰিত আধাৰশিলা স্থাপন সাংসদ ৰকিবুল হুছেইনৰ

শনিবাৰে নগাঁৱৰ ৰূপহীহাটত ৰূপায়ণ কৰা কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি একালৰ বন্ধু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আকৌ এবাৰ সৰৱ হৈ পৰে সাংসদ ৰকিবুল হুছেইন । বিজেপি শাসিত অসমৰ কেৱল এটা পৰিয়ালৰেই সম্পত্তি বৃদ্ধি পোৱাৰ পৰা, চৰকাৰৰ পতন ঘটা, এজন গান্ধীক লগত লৈ লুণ্ঠন চলোৱালৈকে উল্লেখ কৰি মুখ খোলাৰ হুংকাৰ দিয়ে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে ।

২০২৬ৰ পূ্ৰ্বেই পতন ঘটিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেজ ভালপোৱা বুলি কটাক্ষ কৰি ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ অতপালি বৃদ্ধি পোৱা বুলি সৰৱ হৈ পৰে সাংসদ ৰকিবুল হুছেইন । বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত অসমৰ এটা পৰিয়ালৰেই সম্পত্তি বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰি এজন গান্ধীৰ সৈতে মিলি এতিয়া লুণ্ঠন চলোৱা বুলিও উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক:তুংগত বাকযুদ্ধ: এইবাৰ জিতু গোস্বামীৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ হুংকাৰ ৰকিবুল হুছেইনৰ - RAKIBUL HUSSAIN SLAMS JITU GOSWAMI

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পাছতেই কংগ্ৰেছৰ বতাহ বলিব বুলিও উল্লেখ কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত ৰাহুল গান্ধী অধিষ্ঠিত হোৱাৰ ভৱিষ্যদ্বাণীও কৰিলে ৰকিবুল হুছেইনে । কেৱল এয়াই নহয়, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত বিজেপিৰ বিধায়কসকলেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন ঘটাব বুলিও ভৱিষ্যদ্বাণী কৰে তেওঁ ।

ইপিনে এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই শাস্তিমূলক বদলিৰ সন্মুখীন হোৱা এগৰাকী আৰক্ষী বিষয়াক পুনৰ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে পূৰ্বৰ আৰক্ষী থানালৈ বদলি কৰি অনাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক:অপৰাধত জড়িত প্ৰাক্তন কংগ্ৰেছীৰ নেতৃত্বত কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ: নুৰুল হুদা

ABOUT THE AUTHOR

...view details