নগাওঁ, 22 জানুৱাৰী:দেওবাৰে সন্ধিয়া নগাঁৱৰ চামগুৰি সমষ্টিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক আক্ৰমণ কৰে একাংশ দুৰ্বৃত্তই ৷ পদযাত্ৰাটোত আক্ৰমণ কৰাৰ ফলত আক্ৰমণৰ বলি হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে কেইবাজনো কংগ্ৰেছৰ কৰ্মী সমৰ্থক । চিকিৎসালয়ত ভৰ্তি হৈ থকা কংগ্ৰেছ কৰ্মীৰ স্বাস্থ্যৰ বুজ ল’বলৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ত দেওবাৰে উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ।
আহত কংগ্ৰেছ কৰ্মীৰ স্বাস্থ্যৰ বুজ লৈ প্ৰদ্যুৎ বৰদলৈয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । আনকি আৰক্ষী-প্ৰশাসন সকলো মুখ্যমন্ত্ৰীয়ে মেনেজ কৰি ৰখা বুলিও অভিযোগৰ আঙুলি তোলে ৷ বৰদলৈয়ে কয়, "বিজেপিৰ তথাকথিত ভাতৃ সংগঠনৰ নেতৃত্বত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত আক্ৰমণ চলোৱা হৈছে । আচলতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজে দেখুওৱা সঁহাৰিৰ বাবেই মুখ্যমন্ত্ৰীয়ে ভয় খাই এনে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ব্যৰ্থ কৰিবলৈ চৰকাৰ প্ৰশাসনে প্ৰতিটো ক্ষেত্ৰতেই বাধা আৰোপ কৰাৰ চেষ্টা কৰিছে ।"