শিৱসাগৰ, ৭ জুলাই:ৰাজ্য়ৰ বিভিন্ন ঠাইত বানপানী শুকাবলৈ লৈছে যদিও কিছুমানত পৰিস্থিতি জটিল হৈয়ে আছে । সেয়েহে ৰাজ্য়খনৰ প্ৰায়ভাগ সমষ্টিতেই সাংসদ,মন্ত্ৰী-বিধায়কসকলে বানাক্ৰান্তৰ খৱৰ লোৱাৰ লগতে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে । চৰকাৰে বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰা বুলি দাবী কৰাৰ বিপৰীতে বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । ইয়াৰ মাজতেই আজি শিৱসাগৰত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । সাংসদগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ বানপীড়িতই উপযুক্ত সাহাৰ্য লাভ নকৰা বুলি অভিযোগ কৰে ।
সাংসদ গৌৰৱ গগৈয়ে অসমত বিগত ৮ বছৰত চৰকাৰে মথাউৰি মেৰামতি তথা নিৰ্মাণত ব্য়ৰ্থ হোৱা বুলি মন্তব্য় কৰি কয়, "অসমত বিগত ৮ বছৰত কিমান মথাউৰি নিৰ্মাণ কৰিলে, মেৰামতি কৰিলে আৰু কিমান সৱলীকৰণ কৰিলে তাৰ হিচাপ দিয়ক বিজেপি চৰকাৰে ।" ৰাইজে টোল কৰ দিয়াৰ পিচতো সেই পইচাসমূহ ক'ত গ'ল বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ।
লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যৰ কোনো গুৰুত্ব নাই : সাংসদ গৌৰৱ গগৈ - MP Gaurav gogoi