যোৰহাট, ৮ জুলাই:যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে জিলাখনৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে ৷ সাংসদ গগৈয়ে নিমাতীঘাট, ৮নং স্পাৰ, নহটীয়া, ককিলামুখ, গোহাঁইগাঁও হাতীশালৰ বানাক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰে ৷ গগৈয়ে ব্ৰহ্মপুত্ৰৰ ৰক্ষাকৱচস্বৰূপ মথাউৰিসমূহ পৰিদৰ্শন কৰি উক্ত মথাউৰি পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণ পুঁজি মুকলি কৰি দিয়াৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক:চৰকাৰক মথাউৰি মেৰামতি-নিৰ্মাণৰ হিচাপ বিচাৰিলে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi
তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰি ৰাজ্যৰ বান পৰিস্থিতি আৰু বান সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে ৷ বিগত তিনিদিনত তেওঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থান পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীয়ে আজিও প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰি সকলোতে বান সাহাৰ্য লাভ কৰা নিয়মো বেলেগ বেলেগ বুলি তেওঁ অভিযোগ কৰে ৷