যোৰহাট, ২৬ আগষ্ট :"শান্তি সম্প্ৰতিৰ আৰু কোনো ভেদাভেদ নাৰাখি জীয়াই থাকিব বিচৰা অসমীয়া জাতিৰ মাজত বিজেপি চৰকাৰে সৃষ্টি কৰিছে বিভাজনমুখী ৰাজনীতি । কিন্ত ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ৰাইজক একত্ৰিত কৰি যাব ।" এই মন্তব্য় সাংসদ গৌৰৱ গগৈৰ । সোমবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে এইদৰে মন্তব্য় কৰে ।
কৰ্মচাৰীসকলক কোনো দলে ৰাজনৈতিক দৃষ্টিভংগীৰে চাব নালাগে বুলি উল্লেখ কৰি তেওঁ কয়, "শিক্ষকসকলৰ ছুটিৰ সংখ্যা বৃদ্ধি হ'ব লাগে । কংগ্ৰেছৰ আদৰ্শৰ বাবে সমগ্ৰ দেশৰ কৰ্মচাৰীসকলৰ মাত শুনা পাইছো । কংগ্ৰেছ দলে মাত নমতা হ'লে বিজেপি চৰকাৰে নতুন পেঞ্চন আঁচনি ঘূৰাই ন'ললেহেতেন ।"
- দুখীয়া মানুহৰ পৰা স্মাৰ্ট মিটাৰ ঘূৰাই ল'বলৈ বাধ্য হ'ব :
সাংসদ গৌৰৱ গগৈয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়, "স্মাৰ্ট মিটাৰ জৰিয়তে দুখীয়া শ্ৰেণীক শোষণ কৰা হৈছে ৷ কিন্তু ইয়াৰ পিছতো মুখ্যমন্ত্ৰীয়ে দম্ভ অহংকাৰ এৰি দিয়া নাই । আমি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি শীঘ্ৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম । এসময়ত মুখ্যমন্ত্ৰীয়ে নিজৰ দম্ভ-অহংকাৰ এৰি দুখীয়া মানুহৰ পৰা স্মাৰ্ট মিটাৰ ঘূৰাই ল'বলৈ বাধ্য হ'ব ।"
- বসুন্ধৰা আঁচনিৰে ব্যক্তিগত সম্পত্তি বৃদ্ধি কৰিছে মুখ্য়মন্ত্ৰীয়ে :