অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

গান্ধীৰ সৈনিক বনাম গডছে সৈনিকৰ নিৰন্তৰ চলি আছে যুদ্ধ: গৌৰৱ গগৈ - MP Gaurav Gogoi

APCC Celebrated Gandhi Jayanti: প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি গ‍ান্ধী জয়ন্তী উদযাপন । দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰত লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ । মহাত্মা গান্ধীৰ লগতে লাল বাহাদুৰ শাস্ত্রীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে সাংসদগৰাকীয়ে ।

APCC Celebrated Gandhi Jayanti
প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গ‍ান্ধী জয়ন্তী উদযাপন (Gaurav Gogoi FB Account)

গুৱাহাটী, ২ অক্টোবৰ : প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অৰ্থাৎ বুধবাৰে ৰাজ্যজুৰি গান্ধী জয়ন্তী পালন কৰা হয় । গান্ধী জয়ন্তী উপলক্ষে প্ৰদেশ কংগ্ৰেছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰে । আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ লগতে দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতো গান্ধী জয়ন্তী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰত লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে ।

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে সাংসদগৰাকীয়ে লাল বাহাদুৰ শাস্ত্রীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে । ভাষণত সাংসদ গৌৰৱ গগৈয়ে কয়, "মহাত্মা গান্ধীৰ প্ৰতি আমাৰ শ্ৰদ্ধা আমি প্ৰত্যেক দিনাই দেখুৱাই থাকিম । মহাত্মা গান্ধীৰ আদৰ্শ অনুকৰণ বছৰৰ প্ৰত্যেক দিনাই আমি কৰি থাকিম । গান্ধী জয়ন্তীৰ দিনা সীমিত নাথাকি নিজৰ ব্যৱহাৰ আৰু কামৰ যোগেদি প্ৰত্যেক দিনাই মহাত্মা গান্ধীৰ আদৰ্শ আমি প্ৰকাশ কৰি থাকিম । সকলোৰে প্ৰতি এয়াই মোৰ বিনম্ৰ অনুৰোধ । মই ভাবো আমি অসমৰ চাৰিওফালে এটা সদভাৱনা যাত্রা কৰিব লাগে । য'ত সকলো জাতি-জনগোষ্ঠী তথা ধৰ্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি পদযাত্রা কৰিব । আমি সকলো যে একগোট হৈ আছো সেই বাৰ্তা দিব লাগে । আমি সকলোৱে মিলি শান্তি-সম্প্ৰীতি আৰু প্ৰগতিশীল থকা পৰিৱেশ ধৰি ৰাখো ।"

প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গ‍ান্ধী জয়ন্তী উদযাপন (ETV Bharat Assam)

বৰ্তমানৰ অৰ্থনীতি ডাঙৰ ডাঙৰ কোম্পানীকেন্দ্ৰিক

সাংসদগৰাকীয়ে লগতে কয়, "মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা আদৰ্শৰে আজি আমি আগুৱাই গৈ আছো । তেওঁৰ আদৰ্শ আজিও প্ৰসংগিক । মহাত্মা গান্ধীয়ে স্বদেশীৰ ওপৰত গুৰুত্ব দিছিল । আমি নিজৰ উৎপাদন নিজেই কৰিব লাগে । সেই কথা আমি পাহৰি যাব নালাগে । আজি আমাৰ গামোচা প্ৰস্তুত কৰা শিল্পীসকল উপকৃত হ'ব পৰা নাই । থলুৱা শিল্পীসকল উপকৃত হোৱা নাই । আমাৰ চৰকাৰৰ দিনত শিপিনীসকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল । কিন্তু বৰ্তমান সময়ত মহিলাৰ আত্মসহায়ক গোটসমূহ পইচা বিলোৱাৰ এটা মাধ্যম হৈ পৰিছে । পইচাৰ প্ৰয়োজন, কিন্তু আয় বৃদ্ধিৰ ক্ষেত্রত কিমান গুৰুত্ব দিয়া হৈছে । থলুৱা অৰ্থনীতি বৃদ্ধিত গুৰুত্ব দিয়া হোৱা নাই । বৰ্তমানৰ অৰ্থনীতিৰ ডাঙৰ ডাঙৰ কোম্পানীকেন্দ্ৰিক ।"

মহাত্মা গান্ধীৰ যথেষ্ট বিৰোধিতা হৈছে

মহাত্মা গান্ধীৰ আদৰ্শই বিশ্বক অনুপ্ৰাণিত কৰাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, "বৰ্তমান সময়ত মহাত্মা গান্ধীৰ আদৰ্শ আমি ধৰি ৰাখিব লাগিব । অপ্ৰিয় হ'লেও সত্য যে মহাত্মা গান্ধীৰ যথেষ্ট বিৰোধিতা হৈছে । তেওঁ সকলো ধৰ্মৰ লোকক সমান চকুৰে চোৱা বাবে সকলোৱে ভাল পোৱা নাছিল । যিদৰে মহাত্মা গান্ধীৰ আদৰ্শক এটা বিশেষ ৰাজনৈতিক সংগঠনে বেয়া পাইছে, এজন বিশেষ ব্যক্তিয়ে তেওঁক হত্যা কৰিলে, আজিও সেই একেই নৈতিক যুদ্ধ চলি আছে । আজিও নাথুৰাম গডছেক হিৰো বুলি ভবা, ডাঙৰ নেতা বুলি ভবা, ডাঙৰ সংগ্ৰামী নেতা বুলি ভবা সংগঠন বা শক্তি বা মানুহ বা সমৰ্থক আছে । সেইসকলৰ লগত আমাৰ আদৰ্শগত যুদ্ধ আজিও চলি আছে । এই যুদ্ধ চলি থাকিব । ক্ষমতা আমাৰ লগত থাকক বা নাথাকক আমি নিজৰ আদৰ্শৰ লগত আপোচ কৰিব নোৱাৰো । আমি মহাত্মা গান্ধীৰ সৈনিক । আমি গান্ধীৰ আদৰ্শ লৈহে যুদ্ধ কৰিম । গান্ধীৰ সৈনিক বনাম গডছে সৈনিকৰ এই যুদ্ধ নিৰন্তৰ চলি আছে আৰু শেষত গৈ সত্যৰ জয় হোৱাৰ দৰে আমাৰো জয় হ'ব ।"

গান্ধী জয়ন্তীৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত আছিল । ইফালে গান্ধী জয়ন্তী উপলক্ষে ৰাজীৱ ভৱনতো সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক:আন্তৰ্জাতিক অহিংসা দিৱস; গান্ধীজীৰ অহিংস নীতি প্ৰতি সন্মানসূচক এটা দিন - International Day of Non Violence

লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী ২০২৪: ইতিহাস, তাৎপৰ্য্য, আৰু ভাৰতৰ প্ৰাক্তন প্ৰধামন্ত্ৰীগৰাকীৰ বিখ্যাত উক্তিবোৰ - LAL BAHADUR SHASTRI JAYANTI 2024

গান্ধী জয়ন্তী ২০২৪: ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতীক ৰাষ্ট্ৰপিতাক স্মৰণ - GANDHI JAYANTI 2024

ABOUT THE AUTHOR

...view details