মৰাণ,২৫ ছেপ্টেম্বৰ:কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । শ্ৰমিকসকলে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ বাগিচাই বাগিচাই । এইবাৰ বোনাছক লৈ শ্ৰমিকৰ প্ৰতিবাদ ।
দুৰ্গা পূজা সমাগত। দুৰ্গা পূজাৰ বাবে সকলোৱে চলাইছে ব্যাপক প্ৰস্তুতি । শাৰদীয় দুৰ্গা পূজা সমাগত হ'লেই বোনাছক কেন্দ্ৰ কৰি বৃদ্ধি হয় চাহ শ্ৰমিকৰ ক্ষোভ, অসন্তুষ্টি । প্ৰতি বছৰৰ দৰে এইবাৰ ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে একেই পৰিবেশ । দুৰ্গা পূজাৰ পুৰ্বে ২০ শতাংশ বোনাছৰ দাবীত প্ৰতিবাদ কৰিছে শ্ৰমিকসকলে । কিন্তু চাহ বাগিচাৰ সমূহ কৰ্তৃপক্ষই এটাৰ পাছত আন এটা অজুহাত দেখুৱাই ২০ শতাংশ বোনাছ দিবলৈ অমান্তি হৈছে । ফলত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম ।
ডিব্ৰুগড়ত শ্ৰমিকৰ ক্ষোভ (ETV Bharat Assam) ১৫ শতাংশৰ এক অংশ বোনাছৰ ধন প্ৰদান
মঙবাৰৰ দিনটোত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ হাতীআলি চাহ বাগিচাত আৰু মটক চাহ বাগিচাত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছিল চাহ বাগিচাৰ কাম । মটক চাহ বাগিচাত শ্ৰমিকৰ সৈতে আলোচনা নকৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ একাউন্টত ১৫ শতাংশৰ এক অংশ বোনাছৰ ধন প্ৰদান কৰা পিছতেই শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰে । উত্তেজিত শ্ৰমিকে বাগিচা পৰিচালকৰ কাৰ্যলয় ঘেৰাও কৰে । ২০ শতাংশ বোনাছ শ্ৰমিকক প্ৰদান নকৰিলে অনিৰ্দিষ্টকালৰ বাবে বাগিচা বন্ধ কৰি দিব বুলি স্পষ্ট কৰি দিছে ক্ষুব্ধ শ্ৰমিকসকলে ।
কাৰ্যালয় বন্ধ কৰিছে কৰ্তৃপক্ষই
ইয়াৰ পাছতে আজি মটক চাহ বাগিচাত লক আউট ঘোষণা চাহ বাগিচা কৰ্তৃপক্ষই । বাগিচাৰ কাৰ্যালয় বন্ধ কৰি দিছে কৰ্তৃপক্ষই । এম কে চাহ কোম্পানীৰ অধীনৰ চাহ বাগিচাত পৰিচালকে এই জাননী দিয়াৰ পাছতে চাহ শ্ৰমিকৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । বাগিচা কৰ্তৃপক্ষই এই জাননী প্ৰদান কৰা পাছতেই কাৰ্যালয় চৌহদত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকসকলে । ইতিমধ্যে চাহ বাগিচা এৰি গুচি গৈছে চাহ বাগিচাৰ পৰিচালকৰ লগতে বিষয়াসকল । উল্লেখ্য় যে বাগিচাখনত ১৫০০ কৰ্মৰত শ্ৰমিক আছে । ইয়াৰে ৭০০ স্থায়ী শ্ৰমিক আৰু ৮০০ অস্থায়ী হিচাপে কাম কৰি আছিল ।
লগতে পঢ়ক:চাহ শ্ৰমিকৰ পূজা বোনাছক লৈ নিৰ্দেশনা, ১৫ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব ঘোষণা