শিলচৰ, 1 এপ্ৰিল:প্ৰচণ্ডধুমুহাত প্ৰাণ গ’লএগৰাকী মাতৃৰ । কাছাৰৰ ধলাই ৰাজঘাটত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ চাৰিমহীয়া সন্তানক লগত লৈ শুই থকাৰ সময়তে ঘৰত ওপৰত প্ৰকাণ্ড গছ উভালি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনাটো । থিতাতে মৃত্যু ঘটে মাতৃগৰাকীৰ, চাৰিমহীয়া সন্তানটিৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে ।
মৃত মহিলাগৰাকীৰ নাম শাখি বেগম লস্কৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, নিশা ৰমজান মাহৰ তাৰাবীৰ নামাজ সমাপ্ত কৰি শাখি বেগম নামৰ মহিলাগৰাকীয়ে তেওঁৰ চাৰিমহীয়া শিশু সন্তানটিক লগত লৈ ঘৰত শুই আছিল । উক্ত সময়ত ঘৰত আছিল স্বামীসহ ঘৰৰ আন পাঁচগৰাকী সদস্য । নিশা হঠাৎ অহা প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰৰ কাষতে থকা এজোপা প্ৰকাণ্ড গছ ঘৰৰ ওপৰত উভালি পৰে ।
মহিলাগৰাকীৰ ওপৰত গছ পৰা বুলি অৱগত হোৱাৰ পাছত শাখিৰ স্বামীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও সফল নহয় আৰু থিতাতে শাখি বেগম নামৰ 35 বছৰীয়া মহিলাগৰাকীৰ মৃত্যু ঘটে বুলি জনায় স্বামীয়ে । ইপিনে, ভয়ংকৰ এই ঘটনাত মহিলাগৰাকীৰ কাষতে থকা তেওঁৰ চাৰিমহীয়া সন্তানসহ পৰিয়ালৰ আন সদস্যসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷