তিনিচুকীয়া :যিকোনো সন্তানৰ বাবে সকলোতকৈ সুৰক্ষিত স্থান হ’ল মাতৃৰ কোলা । কিন্তু, সেয়া ভুল হিচাপে যেন পৰিগণিত কৰিব বিচাৰিছে এগৰাকী মাতৃয়ে । মাৰ্ঘেৰিটা নগৰৰ ১ নং লাজুম অঞ্চলৰ পাঁচ বছৰীয়া এটি শিশুৰ মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চল জোকাৰি গৈছে । শেহতীয়াকৈ এই ঘটনাত শিশুটোৰ মাতৃ জড়িত থকা অভিযোগে ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অভিযুক্ত মাতৃয়ে পুত্ৰক বেটাৰী ৰিক্সাত লগত লৈ গৈছিল নদীৰ পাৰলৈ আৰু ঘূৰি আহোতে কাপোৰত বোকা লাগি আহিছিল । সেই বুঢ়িদিহিং নদীৰ পাৰতেই পুত্ৰক পানীত পানীত ডুবাই হত্যা কৰে বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে । পৰৱৰ্তী সময়ত ১১ অক্টোবৰত অভিযুক্ত মাতৃয়ে পুত্ৰ নিৰুদ্দেশ হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে সৰ্বত্ৰে শিশুটিক বিচাৰি চলাথ কৰিছিল ।
শেহতীয়াকৈ ১৪ অক্টোবৰ সোমবাৰে শিশুটিৰ মৃতদেহ নৈৰ পাৰত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা ঘটনাই সকলোকে আচম্বিত কৰি তোলে । স্থানীয় ৰাইজৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখে তদন্ত । ইতিমধ্যে মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে শিশুটিৰ হত্যাৰ অভিযোগত মাতৃ জনৈক চক্ৰৱৰ্তীক আটক কৰি অব্যাহত ৰাখিছে মাৰাথন জেৰা ।