অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ দিনত ৰাজ্যত তিনিশতকৈ অধিক মথাউৰি ছিগিছিল : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma - HIMANTA BISWA SARMA

Himanta Biswa Sarma : পঞ্চায়ত নিৰ্বাচনত ক্ষেত্ৰভিত্তিত হ'ব অগপ-বিজেপিৰ মিত্ৰতা । এইবছৰতেই পুনৰ নিৰ্মাণ হ'ব বাঢ়নী পানীয়ে ছিগা মথাউৰি। নগাঁৱত মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছৰ দিনত ৰাজ্যত তিনিশতকৈ অধিক মথাউৰি ছিগিছিল বুলিও মন্তব্য কৰে তেওঁ ৷

Himanta Biswa Sarma
নগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 8:57 PM IST

নগাঁও, 7 আগষ্ট : আগন্তক পঞ্চায়ত নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগক লৈ চর্চা অব্যাহত থকাৰ মাজতে বুধবাৰে নগাঁৱত উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা প্ৰসংগত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আগন্তক পঞ্চায়ত নিৰ্বাচনত ৰাজ্যভিত্তিত অগপ-বিজেপিৰ মিত্ৰতা নথকাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অৱশ্যে পঞ্চায়ত নিৰ্বাচনত ক্ষেত্ৰভিত্তিত অগপ-বিজেপিৰ মিত্ৰতা থাকিব বুলিও স্পষ্ট মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

কৰৈয়ণী বাৰগঁঞা মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

ইফালে বিৰোধী কংগ্ৰেছকো সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে ৷ কংগ্ৰেছ চৰকাৰৰ শাসনকালত ৰাজ্যত তিনিশতকৈ অধিক মথাউৰি ছিগা বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, "এইবাৰ অসমত মথাউৰি চাৰিটা ভাঙিছে, কংগ্ৰেছৰ দিনত তিনিশতকৈ বেছি মথাউৰি ভাঙিছিল ৷" ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছে চৰকাৰক কৰা সমালোচনাৰ এইদৰে প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, বুধবাৰে বিয়লি নগাঁৱত উপস্থিত হৈ কৰৈয়ণী বাৰগঁঞা মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াত উপস্থিতি হৈ শীঘ্ৰেই বাৰগঁঞা মন্দিৰলৈ ভাল খবৰ আহিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে বিয়লি নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে এক চাহমেলত ৷ বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথ আৰু যুৱ মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মাৰে বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে বুধবাৰে বিয়লি মুখ্যমন্ত্ৰী ড৹ শৰ্মাক সাক্ষাৎ কৰে ৰাজেন গোঁহাইৰ পুত্ৰ নৱাৰুণ গোঁহায়ে ৷ নগাঁও ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু ন-বিজেপি সুৰেশ বৰা ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীৰ ভয়ংকৰ বানৰ বাবে জগৰীয়া ইউ এছ টি এম - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details