গোলাঘাট, 7 ফেব্ৰুৱাৰী : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় সংগঠন ঐতিহাসিক সদৌ অসম ছাত্ৰ সন্থাত পদত্যাগৰ ঢৌ ৷ এইবাৰ গোলাঘাটত সংগঠনটোৰ পৰা পদত্যাগ কৰিলে জিলা ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়ববীয়াৰ লগতে বহু আছু কৰ্মীয়ে ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আছুৰ পৰা পদত্যাগ কৰিলে জিলা ছাত্ৰ সন্থাৰ অপসাৰিত সভাপতি, সাধাৰণ সম্পাদককে ধৰি কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া আৰু কৰ্মীয়ে ৷
জিলাখনৰ প্ৰায় তিনি শতাধিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আছুৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি পদত্যাগী আছু নেতা গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈয়ে কয় যে, পৰম্পৰা অনুযায়ী জিলা ছাত্ৰই ভোগালী বিহু উৰুকাৰ দিনা আয়োজন কৰা ভোজ-ভাতলৈ ৰাজনৈতিক ব্যক্তিক নিমন্ত্ৰণ কৰাৰ অভিযোগত এবছৰৰ বাবে তেওঁলোকক জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অপসাৰিত কৰিছিল কেন্দ্ৰীয় সমিতিয়ে ৷ কিন্তু ৰাজনৈতিক ব্যক্তিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ কথা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতিগৰাকীকো জনোৱা হৈছিল ৷
লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টাজনেও ৰাজনৈতিক দলৰ ব্যক্তিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল বুলি উল্লেখ কৰে তেওঁলোকে ৷ কিন্তু এই ক্ষেত্ৰত যদি তেওঁলোকে ভুল কৰিছিল, কেৱল জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদককে কিয় দায়িত্বৰ পৰা অপসাৰণ কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে দুয়োজনে ৷