গুৱাহাটী :কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে অসম প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা(ADRE) । পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে পৰীক্ষা আৰু সমাপ্ত হ'ব দুপৰীয়া ১২.৩০ বজাত । ৰাজ্যজুৰি ১,৪৮৪ টা কেন্দ্ৰত মেট্ৰিক পর্যায়ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৮,২৭,১৩০ গৰাকী প্ৰাৰ্থী ।
ইণ্টাৰনেট সেৱা কৰ্তন
ইফালে পৰীক্ষাৰ বাবে পুৱা ৮.৩০ বজাৰ পৰাই ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । বিয়লি ৪.০০ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব । অৰ্থাৎ ৭ ঘণ্টা ৩০ মিনিট বন্ধ থাকিব ইণ্টাৰনেট সেৱা ।
১৩ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ
পিছবেলা দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ ৰাজ্যৰ ৮০৮ টা কেন্দ্ৰত অষ্টম শ্রেণী উত্তীৰ্ণৰ বাবে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব । এই পৰীক্ষাত অৱতীৰ্ণ হ'ব ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী । আজিৰ দিনটোৰ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ১৩,৭৯,১৩২ গৰাকী । ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে জাৰি কৰা এছ অ' পি অনুসৰি মেট্ৰিক পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা আৰম্ভ হৈছে । আয়োগৰ হৈ ছেবাই এই পৰীক্ষা অনুষ্ঠিত কৰিছে ।
প্ৰতিগৰাকী প্ৰাৰ্থীক জাৰি কৰা নিৰ্দেশনা অনুসৰি তালাচী চলাই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে । ইফালে পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত যিমান সংখ্যক প্ৰাৰ্থীয়ে পৰীক্ষা দিছে তাৰ প্ৰায় সিমান সংখ্যক প্ৰাৰ্থীৰ লগত অহা অভিভাৱকে বাহিৰত ভিৰ কৰিছে । যাৰ ফলত আজি যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে । গুৱাহাটী মহানগৰীত পুৱাৰ পৰাই অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে । পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত প্ৰাৰ্থীসকলৰ অভিভাৱকে অৱস্থান কৰা পৰিলক্ষিত হৈছে ।