তেজপুৰ, ২৫ ছেপ্টেম্বৰ : অৱক্ষয়, নৈতিকতাৰ স্খলন, অসহিষ্ণুতা, নৱ প্ৰজন্মক লৈ এই বিষয়বোৰেই এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু । কাৰণ আজিৰ প্ৰজন্মৰ মাজত নৈতিকতা, সজ আচৰণ, সামাজিক ব্য়ৱহাৰ, চৰিত্ৰ গঠনৰ উপাদান আদিৰ অভাৱ ঘটিছে বুলি বহুতেই ক’ব খোজে । তেওঁলোকে এইবিষয়ে জ্ঞান আয়ত্ব কৰিবলৈও নাই বিশেষ পাঠ্য়ক্ৰম । এইবোৰ বিষয়ত সৰুৰে পৰাই সঠিক জ্ঞান প্ৰদান কৰিবলৈ আদিপাঠ নোহোৱা বাবেই সংঘটিত হ'বলৈ ধৰিছে অনাকাংক্ষিত ঘটনা । সেয়েহে চৰিত্ৰ গঠনৰ আদিপাঠ দিবলৈ চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিলে 'চৰিত্ৰ-পাঠ'।
অসমৰ বিদ্যালয় শিক্ষালৈ পুনৰ ঘুৰি আহিব একালৰ 'চৰিত্ৰ-পাঠ' ৷ অসমত যুৱ প্ৰজন্মৰ মাজত যেতিয়াই অনাকাংক্ষিত ঘটনা সংঘটিত হয় তেতিয়াই সঘনে চৰ্চিত হৈ অহা এটা বিষয় হ’ল চৰিত্ৰ-পাঠ ৷ আজিৰ পৰা প্ৰায় তিনি দশক আগলৈকে বিদ্যালয় পৰ্যায়ত পাঠ্যক্ৰম বিষয় আছিল 'চৰিত্ৰ-পাঠ'। এই পুথিৰ দ্বাৰা শিক্ষাৰ্থীক মানসিক আৰু সামাজিক আচৰণ তথা হিতোপদেশ শিকোৱা হৈছিল । সেয়েহে অসম চৰকাৰৰ শিক্ষা বিভাগে তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথিত চৰিত্ৰ-পাঠক সামৰি লোৱাৰ বিষয়ে ঘোষণা কৰিছে ।
শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়সমূহত সংঘটিত দুই এক শিহৰণকাৰী ঘটনাই এতিয়া চৰকাৰৰ শিক্ষা বিভাগৰ গা লৰাবলৈ বাধ্য কৰিছে । মঙলদৈৰ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত ছাত্ৰৰ হাতত সহপাঠীৰ মৃত্যু ঘটাৰ দৰে শিহৰণকাৰী ঘটনাৰ পাছত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে মূল্যবোধ শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত কেইবাদশক পূৰ্বৰ 'চৰিত্ৰ-পাঠ’ বিষয় সংযোজন কৰা হ’ব । ৰাজ্য চৰকাৰে পৰিৱৰ্তিত নতুন শিক্ষা নীতিৰ আধাৰত যিসমূহ পূৰ্বৰ বিষয় এৰাই চলিছিল সেই সমূহ পুনৰ সংমিশ্ৰণ ঘটাই শিক্ষাৰ ক্ষেত্ৰত এক নতুন সংযোজন কৰাৰ প্ৰয়াসক বহুতে আদৰণি জনাইছে ।
- মূল্যবোধ শিক্ষাত গুৰুত্ব আৰোপ
শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম 'X' ত এনেদৰে ঘোষণা কৰে, "মূল্যবোধ শিক্ষা (value education) ক NEP-2020 ত এক অন্যতম ক্ষেত্ৰ হিচাপে গুৰুত্ব প্ৰদান কৰা হৈছে আৰু স্কুল শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (National Curriculum Framework)ত অন্তৰ্ভুক্ত কৰা হৈছে। তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথি ২০২৪-২৫ শিক্ষাবর্ষৰ পৰা কাৰ্যকৰী হ'ব য'ত মূল্যবোধ শিক্ষা অন্তৰ্ভুক্ত কৰা হ'ব আৰু চৰিত্ৰ পাঠক সামৰি লোৱা হ’ব। তাৰ পাছত অন্য শ্ৰেণীৰ পাঠ্যক্ৰমত অনুসৰণ কৰা হ'ব ।’’
- মুখ্যমন্ত্ৰীৰ আদৰণি
এই বিষয়টোক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে সামাজিক মাধ্যমযোগে । মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰীৰ পোষ্টৰ আধাৰত এনেদৰে মন্তব্য কৰে, "এসময়ত পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত নীতিশিক্ষাৰ পাঠ হিচাপে পঢ়া 'চৰিত্ৰ-পাঠ' শীৰ্ষক মহামূল্যৱান কিতাপখন পুনৰবাৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত সঁচাকৈয়ে আদৰণীয় হ'ব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰো ৷ এখন মানৱীয়, সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আদিপাঠ হিচাপে এই গ্ৰন্থখনে যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰিব ৷ "
- বহু আগতেই সংযোজন কৰিব লাগিছিল