চিটাৰা ডেস্ক, 25 ছেপ্টেম্বৰ : ৰঙানদী, সুৰুয, জীৱন সুৰভী, প্ৰতিদান, পূজা, মনে মনে অজানিতে, পানী, গৰম বতাহ আদিকে ধৰি এতিয়ালৈকে প্ৰায় 125 খন অসমীয়া কথাছবি-টেলিফিল্মত অভিনয় কৰা ব্ৰজেন বৰা এজন অভিনেতাৰ উপৰিও এগৰাকী সফল পৰিচালক আৰু কাহিনীকাৰো ৷ পিছে আমি আজি জনাব বিচাৰিছো এইগৰাকী বিশিষ্ট অভিনেতাৰ এক নতুন পৰিচয়ৰ বিষয়ে ৷
ব্ৰজেন বৰাৰ এই নতুন পৰিচয়ৰ বিষয়ে হয়তো বহুতেই নাজানে ৷ অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ বাবে ভাল লগা খবৰটো হ’ল- বিশিষ্ট অভিনেতা ব্ৰজেন বৰাক দেশৰ বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) শেহতীয়াকৈ নিযুক্তি দিছে 'প্ৰফেছৰ অফ প্ৰেকটিছ' ৰূপে ৷

2020 চনৰ নতুন শিক্ষানীতিৰ আধাৰত দেশত বিভিন্ন ক্ষেত্ৰত দীৰ্ঘসময় ধৰি সেৱা আগবঢ়াই অহা বচা বচা একাংশ ব্যক্তিক বিশ্ববিদ্যালয় অনুদান আয়োগে এবছৰৰ বাবে সন্মানীয় ‘প্ৰফেছৰ অফ প্ৰেকটিছ’ৰ দায়িত্ব অৰ্পণ কৰে ৷ সেই অনুসৰি ‘প্ৰফেছৰ অফ প্ৰেকটিছ’ৰ সন্মানীয় দায়িত্ব লাভ কৰা বিশেষ ব্যক্তিসকলে বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ গৈ শিক্ষাৰ্থী আৰু অধ্যাপক-অধ্যাপিকাসকলক পাঠদান কৰে ৷

সেইমৰ্মে এই নতুন দায়িত্ব লাভৰ পিছত অভিনেতা ব্ৰজেন বৰায়ো ইতিমধ্যে তেওঁৰ শ্বুটিঙৰ ব্যস্ততাপূৰ্ণ সূচীৰ মাজতে সময় উলিয়াই বিভিন্ন মহাবিদ্যালয়লৈ গৈ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : China Dragon Awards ত এইবাৰ মনোনীত অসমীয়া চুটি ছবি নৰকাসুৰ - Chinmoy Barma Short film Narakasura
বিগত কেইটামান বছৰ অসমৰ দৰ্শকে এইগৰাকী দুৰ্দান্ত অভিনেতাক কোনো নতুন ছবিত দেখা নাছিল যদিও শেহতীয়াকৈ পুনৰ অসমীয়া ছবিৰ ৰূপালী পৰ্দালৈ উভতি আহিছে ব্ৰজেন বৰা ৷ ই টিভি ভাৰতক এই কথা জানিবলৈ দি এইগৰাকী বিশিষ্ট অভিনেতাই ক'লে, “বৰ্তমান ৰং চেনেলৰ এখন ধাৰাবাহিকৰ কামত ব্যস্ত হৈ আছো ৷ তিনিখন ছবিৰ কামো হাতত লৈ থোৱা আছে ৷”

আনহাতে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল প্ৰফেছৰ অফ প্ৰেকটিছ হিচাপে তেওঁ সেৱা আগবঢ়াব সম্পূৰ্ণ বিনামূলীয়াকৈ ৷ ইউ জি চিয়ে বিধি অনুসৰি প্ৰফেছৰ অফ প্ৰেকটিছৰ বাবে তেওঁলৈ যি মাননী আগবঢ়াব সেয়া শিল্পীগৰাকীয়ে গ্ৰহণ নকৰে । এই বিষয়ে ব্ৰজেন বৰাই ক'লে, “মই ইতিমধ্যে মোৰ এই সিদ্ধান্তৰ কথা ইউ জি চিক জনাই দিছো ৷ ইউ জি চিয়ে প্ৰফেছৰ অফ প্ৰেকটিছৰ বাবে সন্মানসহকাৰে মাননী আগবঢ়ায় ৷

কিন্তু মই তেওঁলোকক কৈছো যে মোক সেয়া দিব নালাগে ৷ তাৰ পৰিৱৰ্তে এই এটা বছৰে মই যিকেইখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়লৈ পাঠদান কৰিবলৈ যাম সেই শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিমূলক কামকাজ আৰু শিক্ষাৰ্থীৰ কল্যাণৰ বাবে মোক দিবলগীয়া এই ধনখিনি ব্যয় কৰিবলৈ ইউ জি চিক মই জনাইছো ৷” প্ৰাৰম্ভিক স্তৰত ব্ৰজেন বৰাক সাতখন কলেজৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ পিছলৈ এই কলেজৰ সংখ্যা বাঢ়িবও পাৰে ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে সৈনিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ব্ৰজেন বৰাই ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত ছিপাঝাৰ মহাবিদ্যালয়ত অধ্যাপনাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল ৷ পৰৱৰ্তী সময়ত চিনেমাত ব্যস্ত হৈ পৰাত তেওঁ সেই চাকৰিৰ পৰা ইস্তফা দিয়ে আৰু অসমবাসীয়ে লাভ কৰে এগৰাকী প্ৰৱল প্ৰতিভাধৰ অভিনেতাক ।
লগতে পঢ়ক : যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন চুটি ছবিৰ ঘোষণা - Chinmoy Barma short film khiriki