ETV Bharat / state

এইবাৰ যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত, তেজেৰে ৰাঙলী দুই ছাত্ৰ - Clash breaks out between students

Jorhat student attack: দৰঙৰ পিছত এইবাৰ ঘটনাৰ স্থান যোৰহাট । ছাত্রৰ আক্ৰমণত তেজেৰে ৰাঙলী হ'ল সহপাঠী ছাত্র । ঘটনা সংঘটিত কৰা ছাত্ৰক আটক কৰে আৰক্ষীয়ে ।

Clash breaks out between students at School in jorhat
যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 4:34 PM IST

যোৰহাট,২৫ ছেপ্টেম্বৰ: দৰং জিলাৰ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰ সহপাঠীৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে শৈক্ষিক নগৰী যোৰহাটত । যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত দহোঢীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ দেৱজিৎ বণিয়া নামৰ এজন ছাত্ৰক একেখন বিদ্যালয়ৰে তিনি ছাত্রই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰা ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্রজন ।

তেজেৰে লুতুৰি পতুৰি হৈ বিদ্যালয়খনৰ বাৰাণ্ডাত পৰি যায় ছাত্রজন আৰু দুজন । ততাতৈয়াকৈ শিক্ষকে সহপাঠী ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেৱজিৎ বণিয়াক ওচৰতে থকা দহোঢীয়া প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় । দেৱজিৎ বণিয়াই বুকু, হাত আদিৰ লগতে বিভিন্ন স্থানত আঘাত পোৱাৰ উপৰিও সহপাঠীৰ আক্ৰমণৰ ফলত তেওঁৰ মুৰ পৰ্যন্ত ফাটি যায় ।

যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত (ETV Bharat Assam)

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্রজনে ঘটনা সন্দৰ্ভত কয়,"মোক তিনিজন ছাত্রই ক্লাছৰ ভিতৰত আহি চোকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে ঘুঁচিয়াই । আক্ৰমণত জড়িতসকলক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা লগতে এই ঘটনাত জড়িতসকলক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে । উপযুক্ত শাস্তি প্ৰদান নকৰিলে এনে ঘটনা পুনৰ সংঘটিত হ'ব ।"

বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কয়,"আজি বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছিল । এটা পৰীক্ষা শেষ হোৱা পিছত শিক্ষাৰ্থীসকল বাহিৰলৈ ওলাই গৈছিল আৰু এই সুযোগতে কাজিয়াৰ সুত্ৰপাত হয় । বাহিৰৰ কাজিয়াখন পুনৰ শ্ৰেণী কোঠালৈ বিয়পি পৰিল । কিন্তু বহু অনুশাসন থকা বিদ্যালয়খনত সংঘটিত এই ঘটনাক লৈ আমি অনুতপ্ত ।"

পৰৱৰ্তী সময়ত জানিব পৰা মতে চোকা অস্ত্ৰৰে নহয়, খাৰু জাতীয় সামগ্ৰীৰেহে ছাত্রজনক আক্ৰমণ কৰিছিল আৰু বাহিৰৰ কাজিয়াখনৰ সম্পৰ্কে আৰক্ষীয়ে শিক্ষকক অৱগত কৰিছিল । ইতিমধ্যে এই ঘটনাৰে জড়িত এজন ছাত্রক পুলিবৰ আৰক্ষীয়ে আটক কৰিছে ।

লগতে পঢ়ক: মঙলদৈৰ ছাত্ৰ হত্যাকাণ্ড; নিমাওমাও পৰিৱেশ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত - Students Murder in Sipajhar

মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ড : অপৰাধৰ পুনৰ দৃশ্যায়নত পত্নীসহ দুই অভিযুক্ত - Chabua Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.