অসম

assam

ETV Bharat / state

ৰাজনীতিৰ উৰ্দ্ধত সংস্কৃতি: এজন বিধায়কৰ অন্য ৰূপ - NAGAON BHOGALI MELA

ভোগালী মঞ্চত ড্ৰাম বাদকৰ ৰূপত বিধায়ক ৰূপক শৰ্মা । ড্ৰাম বজাই সহস্ৰাধিক দৰ্শকক মোহিত কৰা বিধায়ক ৰূপক শৰ্মাই কি কলে সংগীত যাত্ৰাৰ বিষয়ে ?

MLA Rupak Sharma as drummer at Nagaon Bhogali Mela
ড্ৰাম বাদকৰ ৰূপত ৰূপক শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 15, 2025, 11:05 PM IST

নগাঁও:পুনৰ এবাৰ ড্ৰাম বাদকৰ ৰূপত বুধবাৰে সন্ধিয়া দেখা গ'ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক । নেহৰুবালিত সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা নগাঁও ভোগালী উৎসৱৰ বুধবাৰে সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত পুনৰ এবাৰ ড্ৰাম বজাই নগাঁওবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে স্থানীয় বিধায়কগৰাকীয়ে ।

ৰাজনীতিৰ উপৰি সাংস্কৃতিক জগতৰ সৈতেও জড়িত বিধায়ক ৰূপক শৰ্মাই দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ড্ৰাম বজাই কঁপালে নগাঁও ভোগালী উৎসৱৰ মঞ্চ । বুধবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰে শিল্পী তৰী আৰু জাশিনে । দুয়োগৰাকী শিল্পীৰ গীত পৰিবেশনৰ সময়ত আন আন বাদ্যযন্ত্ৰীসকলৰ লগতে ড্ৰাম বাদকৰ ৰূপত দেখা গ'ল সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাক ।

ড্ৰাম বাদকৰ ৰূপত ৰূপক শৰ্মা (ETV Bharat Assam)

মঞ্চত প্ৰায় দুই-তিনিঘণ্টা সময় ড্ৰাম বজাই উপস্থিত দৰ্শকক আপ্লুত কৰিলে বিধায়কগৰাকীয়ে । অনুষ্ঠানৰ শেষত সাংবাদিকৰ আগত তেওঁ কয়- "মাত্ৰ এঘণ্টা অনুশীলন কৰিছিলো ৷ প্ৰায় আঢ়ৈ-তিনিঘণ্টা সময় ড্ৰাম বজালোঁ ৷ খুব ভাল লাগিল ৷ বহুদিনৰ মূৰত বজাইছোঁ ৷ সেয়ে হাত-ভৰিবোৰ অলপ বিষাইছে ৷ আচলতে দেখিলে ৰৈ থাকিব নোৱাৰো ৷ তেজতেই সংগীত আছে ৷"

পূৰ্বে শিল্পী কৃষ্ণমণি নাথৰ সৈতে একেলগে মঞ্চত ড্ৰাম বজোৱাৰ কথাও সুঁৱৰে বিধায়ক ৰূপক শৰ্মাই । উল্লেখ্য যে সোমবাৰৰ পৰা বাৰেৰহণীয়া কাৰ্যসূচীৰে কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত হোৱা ১১৩ সংখ্যক ভোগালী উৎসৱত বুধবাৰে দিনৰ ভাগত নগাঁও চহৰত উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ৷ সন্ধিয়া কলঙৰ বাকৰিত অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া । আজিৰ ভোগালী উৎসৱৰ এই সাংস্কৃতিক সন্ধিয়াত সহস্ৰাধিক দৰ্শকৰ সমাগম হয় ।

লগতে পঢ়ক:বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উখল-মাখল কলঙৰ বাকৰি - NAGAON BHOGALI FESTIVAL

ম'হযুঁজ নিষেধাজ্ঞাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব ৰাইজ: ক'লে পীযুষ হাজৰীকাই - MAGH BIHU 2025

ABOUT THE AUTHOR

...view details