অসম

assam

ETV Bharat / state

তেলচুৰি গোচৰ: বিধায়ক নৰুল হুদাৰ পুত্ৰ ৰকিবুলক কাৰাগাৰলৈ প্ৰেৰণ - Nagaon oil theft racket

Rakibul Huda Sent to Judicial Custody : অৱশেষত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিধায়ক নৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক । ৰকিবুল হুদাৰ জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অধিবক্তা ।

Rakibul Huda Sent to Judicial Custody
ৰকিবুল হুদা আৰু গাঁও প্ৰধান দিল মহম্মদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 6:14 PM IST

কলিয়াবৰ, ৬ আগষ্ট : ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিধায়ক নৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক । তেলচুৰিকাণ্ডত অভিযুক্ত বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক মঙলবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে ৰকিবুলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

ৰকিবুল হুদাক ন্যায়িক জিম্মালৈ প্ৰেৰণ (ETV Bharat Assam)

উল্লেখ্য যে সোমবাৰেও কলিয়াবৰ মহকুমা ন্যায়িক আদালত হাজিৰ কৰোৱা হৈছিল ৰকিবুল হুদাক । ৰকিবুলৰ লগতে ধৃত গাঁও প্ৰধান দিল মহম্মদকো মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় । সোমবাৰে আদালতে ৰকিবুল হুদা আৰু দিল মহম্মদক এদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল ।

এদিনৰ আৰক্ষী জিম্মাৰ পিচত ৰকিবুল হুদা আৰু গাঁও প্ৰধান দিল মহম্মদক মঙলবাৰে পুনৰ আদালতত হাজিৰ কৰায় কলিয়াবৰ আৰক্ষীয়ে । আনহাতে, কলিয়াবৰ মহকুমা ন্যায়িক আদালতে ধৃত দিল মহম্মদসহ ৰকিবুল হুদাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে উলুৱনি আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২)/৬২/৩১৮(৪)/৩০৩(২)/১১১(১) [61(2)/ 62/ 318(4)/303(2)/ 111(3) BNS)] ধাৰাত ৮৮/২৪ (88/24) নম্বৰত গোচৰ পঞ্জীয়ন হৈছিল তেলচুৰি চক্ৰটোৰ অভিযুক্ত ৭ জনৰ বিৰুদ্ধে । এই গোচৰত ন্যায়ালয়ে ইতিমধ্যে আলম আলী, আব্দুল খলিল, জামালউদ্দিন, তাহেৰ আলী আৰু ইব্ৰাহিম আলীক জে'ললৈ প্ৰেৰণ কৰিছে ।

ইফালে ৰকিবুলক ন্যায়িক জিম্মালৈ প্ৰেৰণ সন্দৰ্ভত ৰকিবুল হুদাৰ অধিবক্তাই কয়, "উলুৱনিৰ গোচৰটো সন্দৰ্ভত আমি আজি কোনো পিটিচন দিবলৈ অহা নাই । কালি আমি পিটিচন দাখিল কৰিছো । মাননীয় আদালতে চিভি চাই জামিন নাকচ কৰিছে । সেইবাবে আমি সিদ্ধান্ত লৈছো জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম ।"

উল্লেখ্য যে আৰক্ষীৰ দৃষ্টিত তেলচুৰি চক্ৰৰ সৈতে জড়িত আছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা । ইতিমধ্যে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ বিৰুদ্ধে তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে । আৰক্ষীয়ে বিধায়ক পুত্ৰৰ বিৰুদ্ধে কিছু তথ্য লাভ কৰাৰ পিচতেই শনিবাৰে নিশা বিধায়কপুত্ৰক বিচাৰি দিছপুৰৰ বিধায়ক আবাসত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় । তাৰ পিচত দেওবাৰে নিশা গোচৰ ৰুজু হৈ থকা কলিয়াবৰৰ উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে বিধায়কগৰাকীৰ অভিযুক্ত পুত্ৰ ৰকিবুল হুদাই । আনহাতে, উক্ত নিশাতেই কলিয়াবৰ আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰকিবুল হুদাক ।

লগতে পঢ়ক :তেলচুৰি কাণ্ড : আৰক্ষীৰ জিম্মাত বিধায়কপুত্ৰ ৰকিবুল - Nagaon Oil Theft racket
লগতে পঢ়ক :বিধায়কপুত্ৰ ৰকিবুল হুদাক এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Oil Theft Racket In Kaliabor

ABOUT THE AUTHOR

...view details