অসম

assam

গুৰুজনাই ধৰ্মৰ নামত ব্লেকমেইল কৰিব লাগে বুলি কোৱা নাই : অখিল গগৈ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:20 PM IST

Ram Temple Pran Prathishtha: ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ চলিছে ব্য়াপক আয়োজন । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ৰাজ্য চৰকাৰে লোৱা ভূমিকাক লৈ তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ ।

Mla Akhil Gogoi in Dibrugarh
ডিব্ৰুগড়ত বিধায়ক অখিল গগৈ

ডিব্ৰুগড়ত বিধায়ক অখিল গগৈ

মৰাণ ,২০ জানুৱাৰী:অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ বিশ্ব এতিয়া উৎসুক হৈ পৰিছে । অহা ২২ জানুৱাৰীত অভিষেক অনুষ্ঠানৰ পিছত ৰাম মন্দিৰত ৰামলালাৰ মূৰ্তি প্ৰতিস্থা কৰা হ'ব । এই ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাক লৈ সমগ্ৰ দেশৰ লগতে অসমতো দেখা গৈছে ব্যাপক উচাহ উদ্দীপনা । বিগত কেইবাটাও দিনত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাক লৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অসমৰ প্ৰতিখন জিলা,সমষ্টি আৰু পঞ্চায়তত । আনকি ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ পাছতেই আজি ডিব্ৰুগড়ত উপস্থিত হোৱা বিধায়ক অখিল গগৈয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ৰাজ্য চৰকাৰে লোৱা ভূমিকাক লৈ তীব্ৰ সমালোচনা কৰে ।

বিধায়ক অখিল গগৈয়ে চৰকাৰে লোৱা ভূমিকাক লৈ তীব্ৰ সমালোচনা কৰি ক‌য় যে শাসক পক্ষই ধৰ্মৰ নামত পগলা হোৱাৰ পৰিৱৰ্তে শৈক্ষিক পৰিৱেশ সৃষ্টিৰ কৰিবলৈ চেষ্টা কৰা হ'লে ভাল আছিল । তেওঁ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে এই কথা গুৰুজনাই কেতিয়াও শিকোৱা নাই । গুৰুজনাই ধৰ্মৰ নামত ব্লেকমেইল কৰিব লাগে বুলিও কোৱা নাই । ধৰ্মৰ নামত ৰাজনীতি কৰিব লাগে বুলিও গুৰুজনাই কোৱা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে আজিৰ দিনত ধৰ্মৰ নামত ইমান হাল্লা কৰিব দিয়া হৈছে যে যিবিলাকে ৰাম মন্দিৰৰ কথা নক'ব তেওঁলোক হিন্দু আৰু ভাৰতীয় নহয় । বিজেপিয়ে এতিয়া সাম্প্রদায়িক ফেচীবাদী চৰকাৰ চলাইছে বুলি মন্তব্য় কৰে বিধায়ক অখিল গগৈয়ে।

লগতে পঢ়ক:ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰিত অশ্বিন

ABOUT THE AUTHOR

...view details