মৰাণ, ২৮ আগষ্ট :ধিঙৰ ধৰ্ষণ-কাণ্ডৰ পাছতেই উজনি অসমত একত্ৰিত হৈছে জাতি জনগোষ্ঠীয় দল-সংগঠনসমূহ । শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ অভিযোগ উত্থাপন কৰি অবৈধ মিঞা মুছলমানক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছে কেইবাটাও দল-সংগঠনে । ইয়াৰ মাজতে শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ত মিঞাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা নেতাসকলক তলব কৰিছে প্ৰশাসনে ।
মঙলবাৰে অবৈধ মিঞা মুছলমানক উজনি অসম ত্যাগৰ দাবীত সোণাৰিত পোষ্টাৰিং কৰাৰ সময়তে আটক কৰা হৈছিল টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিসহ জিলাৰ সহকাৰী সম্পাদক পাৰ্থ ৰাজকোঁৱৰক । অবৈধ মিঞা মুছলমানক উজনি অসম ত্যাগ কৰাৰ লগতে নগাঁওৰ খাৰুপেটীয়াৰ শাক-পাচলি চৰাইদেউত বন্ধ কৰিবৰ বাবে পোষ্টাৰিং কৰোতেই আৰক্ষীয়ে আটক কৰে টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীক ।
সোণাৰিৰ দৈনিক বজাৰত পোষ্টাৰিং কৰাৰ সময়তে সোণাৰি আৰক্ষীয়ে আটক কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে চৰাইদেউৰ সোণাৰি আৰক্ষী থানা ভৰি পৰে টাইপাৰ নেতা-কৰ্মীৰে । ৰাইজৰ দাবীত বিনাচৰ্তে মুকলি আকাশৰ তললৈ আহিল টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু পাৰ্থ ৰাজকোঁৱৰ ।
আৰক্ষীৰ ভয় দেখুৱাই লাভ নাই : বিজয় ৰাজকোঁৱৰ
মুকলি হোৱাৰ পিচতেই টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয়," আহোমসকলে ১৭ বাৰ অসমৰ পৰা মোগলক খেদিলে । সেই আহোমৰ নাতি পুতি আমি । সেই মিঞা খেদিব লাগিব আমি । আৰক্ষীয়ে নিজৰ কাম কৰিছে তাত আমাৰ ক'বলগা নাই । আমি আমাৰ দায়িত্ব পালন কৰিম । আৰক্ষীৰ ভয় দেখুৱাই আমাক লাভ নাই । আমাৰ স্থিতি একেই আছে, ৭ দিনৰ ভিতৰত উজনি অসম এৰিব লাগিব মিঞাই ।"
আটাছু নেতাক থানালৈ তলব :