অসম

assam

ETV Bharat / state

চাহ বাগিচাৰ মাটিত ঘৰ নিৰ্মাণ কৰিলে হ’ব গ্ৰেপ্তাৰ; মিছন বসুন্ধৰা ৩.০ ৰ নিয়মসমূহ জানি লওক

Assam CM launches Mission Basundhara 3: মুখ্য়মন্ত্ৰীয়ে উদ্বোধন কৰিলে মিছন বসুন্ধৰা ৩.০ ৷ জানি লওক এই আঁচনিৰ সবিশেষ-

Assam CM launches Mission Basundhara 3
মুখ্য়মন্ত্ৰীয়ে উদ্বোধন কৰিলে মিছন বসুন্ধৰা ৩.০ (Assam CM X handle)

By ETV Bharat Assamese Team

Published : Oct 20, 2024, 9:04 PM IST

গুৱাহাটী:এতিয়াৰ পৰা চাহ বাগিচাৰ মাটিত বাসগৃহ নিৰ্মাণ কৰিলে হ'ব গ্ৰেপ্তাৰ । চাহ বাগিচাৰ মাটিত ঘৰ নিৰ্মাণ কৰাটো ফৌজদাৰী অপৰাধৰূপে গণ্য কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মিছন বসুন্ধৰা ৩.০ ।

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "চাহ বাগিচাত আৱাসিক অঞ্চল গঢ়ি উঠিছে । ২০২২ চনৰ ৩১ ডিচেম্বৰৰ আগতে যিসকলে ঘৰ বনালে তেওঁলোকক ভূমি নীতি অনুসৰি মাটিৰ পট্টা দিম । বসুন্ধৰাৰ তৃতীয় সংস্কৰণ শেষ হোৱাৰ পাছত চাহ বাগানৰ মাটিত বাসগৃহ নিৰ্মাণ কৰিলে গ্ৰেপ্তাৰ কৰা হ'ব । মহানগৰীৰ চূণচালি গ্ৰান্টত ডাঙৰৰ ডাঙৰ বিল্ডিং হ'ল, বহু মানুহে নাজানে চাহ বাগিচাৰ মাটিত ঘৰ বনাইছে বুলি ।’’

কামৰূপ মহানগৰৰ তদানীন্তন উপায়ুক্তসকলক সকলোকে সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘সেই সময়ৰ কামৰূপ মহানগৰৰ উপায়ুক্তসকলে দাদালৰ প্ৰৰোচনাত পৰি মানুহক মাটিবোৰ দিলে । মানুহবোৰে আজিও নাজানে যে চাহ বাগানৰ মাটিত ভোগ দখল কৰি আছে । যিসকল উপায়ুক্তই এই কাম কৰি গ’ল তেওঁলোকে অৱসৰৰ পাচত আমালৈ ভাল ভাল পৰামৰ্শ দি চিঠি লিখে । তেওঁলোকে ভূমি ব্যৱস্থাটো নামানি দালালক মাটি দি গ'ল ।"

মিছন বসুন্ধৰা ৩.০ আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ভূমি নীতি সংস্কাৰ আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ২০২১ চনৰ পৰা চৰকাৰে লোৱা প্ৰচেষ্টাত অসমত এটা স্বৰ্ণিল যুগৰ সূচনা হৈছে । আমি কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অসমত খিলঞ্জীয়াৰ ভূমি অধিকাৰ প্ৰদান কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছিলোঁ । স্বাধীনতাৰ ৭৫ বছৰৰ পাছত এয়া আছিল এক বৃহৎ পদক্ষেপ । এনে চিন্তাৰেই ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ আত্মপ্রকাশ ঘটিছিল । এই অভিযান কাৰ্যকৰী কৰোঁতে আমি অভূতপূৰ্বসংখ্যক আবেদন প্ৰাপ্ত হোৱাত আচৰিত হৈছিলোঁ । আবেদনৰ সংখ্যাই আমাৰ প্ৰচেষ্টাক অসমৰ অন্যতম বৃহৎ ভূমি সম্পৰ্কীয় পদক্ষেপ হিচাপে বৈধতা প্ৰদান কৰিছিল ।’’

‘‘আমি মিছন বসুন্ধৰা প্রথম সংস্কৰণৰ অধীনত ৯ মাহত ৮ লাখ আবেদন নিষ্পত্তি কৰিব পাৰিছিলোঁ । ইয়াৰ অপৰিসীম সম্ভাৱনা উপলব্ধি কৰি বিশেষকৈ ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ ভূমিজনিত অধিকাৰ সুৰক্ষাৰ প্রতি খেয়াল ৰাখি ২০২২ চনৰ নৱেম্বৰত মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰিছিলোঁ আৰু ১ বছৰৰ ভিতৰত ২ লাখতকৈও অধিক খিলঞ্জীয়া লোকক ভূমি অধিকাৰ প্ৰদান কৰিছিলোঁ । দুটাকৈ সংস্কৰণৰ পৰা লাভ কৰা অভিজ্ঞতাৰে আজি আমি আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰিছোঁ । বিভিন্ন ভূমি সম্পৰ্কীয় সেৱা ডিজিটাইজ কৰা, মানচিত্ৰ প্ৰকাশ আৰু জনসাধাৰণক ভূমি অধিকাৰ প্ৰদান কৰিবলৈ আৰম্ভণি কৰা এই সংস্কৰণত প্ৰক্ৰিয়াটো সৰল কৰিবলৈ কেইবাটাও নতুন নিয়ম ৰূপায়ণ কৰিছোঁ ।" - মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণত কেইবাটাও নতুন নিয়ম ৰূপায়ণ কৰা হৈছে, সেইকেইটা হ’ল-

  1. ৰাজ্যৰ ভূমিপুত্র হিচাপে অনুসূচিত জাতি, অনুসূচিত জনজাতি, আদিবাসী, চাহ জনজাতি আৰু গোৰ্খাসকলে ৩ প্রজন্মৰ বংশ প্ৰমাণ কৰাৰ প্ৰয়োজন নহ'ব ।
  2. চহৰবাসীৰ বাবে প্ৰিমিয়ামৰ হাৰ আঞ্চলিক মূল্যাংকনৰ ৩% লৈ হ্ৰাস
  3. প্ৰামাণিক ১৯৭১ চনৰ আগৰ শৰণাৰ্থী প্ৰমাণপত্ৰ ধাৰকসকলো যোগ্য বিবেচিত হ’ব
  4. য’ত মন্দিৰ, নামঘৰ, স্কুল, ক্লাৱ আছে (ৰাজহুৱা); শ্মশান, কবৰস্থান আছে সেই সমূহক ম্যাদি পট্টা দিয়া হ'ব
  5. যিকোনো ৰাজহুৱা অনুষ্ঠানৰ নামত দান দিয়া মাটি সমূহ পুনৰীক্ষণ কৰি যদিহে সেই মাটি সমূহৰ নামত ১২ বছৰে কোনো আপত্তি দৰ্শোৱা নাই তেন্তে সেই অনুষ্ঠান সমূহৰ নামত ম্যাদী পট্টা দিয়া হ’ব
  6. মিছন বসুন্ধৰা ২.০ৰ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা
  7. নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্রিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ
  8. পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তীকালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান
  9. বন্দবস্তি নোহোৱা পূৰ্বৰ ভূদান/গ্রামদান ভূমিৰ বন্দৱস্তি প্রদান
  10. প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন
  11. স্বমিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা-জৰীপ (এন চি) গাঁৱৰ ভূমি বন্দবস্তি
  12. অনুষ্ঠান-প্রতিষ্ঠানৰ হেতু ডিজিটেল প্রক্রিয়াৰে বন্দবস্তি

মিছন বসুন্ধৰা ২.০ ৰ অধীনৰ তিনিটা সেৱা জনসাধাৰণৰ বাবে পুনৰ মুকলি-

  1. সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন
  2. দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান (গ্রামাঞ্চল)
  3. খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন
  4. ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পুনর্নির্মাণ কৰা মেপসমূহ জনসাধাৰণৰ বাবে মুকলি

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ জৰিয়তে ভূমিৰ প্ৰিমিয়াম ৰেহাই

গুৱাহাটী মহানগৰ, তেজপুৰ, ডিব্ৰুগড় আদি চহৰ সমূহত মাটিৰ পট্টা দিয়াৰ পাছত প্ৰিমিয়াম বাবে ল'ব পৰা নাছিল । সেয়েহে চহৰবোৰত এতিয়াৰে পৰা RCC বিল্ডিঙৰ ক্ষেত্ৰত ১০০% প্ৰিমিয়ামৰ পৰিৱৰ্তে ১০% প্ৰিমিয়াম দিলেই হ'ব । মিছন বসুন্ধৰা দ্বিতীয়ত আৱণ্টন পোৱা সকলে ১০% প্ৰিমিয়াম দি মাটিৰ পট্টা ল'ব পাৰিব । বাকী থকা ৯০% ৰ পৰিৱৰ্তে ৫০% মাটি কিনা বেছা কৰিলে দিব লাগিব । ৪০% ৰেহাই দিয়া হ'ব ।

একেদৰে অসম আৰ্হিৰ ঘৰৰ (Assam Type) ক্ষেত্ৰত ৩% প্ৰিমিয়াম দি পট্টা ল'ব পাৰিব । বিক্ৰী কৰিলে ২৭% প্ৰিমিয়াম দিব লাগিব । উত্তৰাধীকাৰী স্বত্বে বা বেংকক বন্ধকী দিলে বাকী থকা প্ৰিমিয়াম দিব নালাগে । যদি কোনো লোকে এই মাটি ডোখৰ কিনা-বেচা কৰে সেই সময়চোৱাত ১০০ শতাংশৰ ভিতৰত ৫০ শতাংশ প্ৰিমিয়াম আদায় দিব লাগিব । একচনিয়া মাটি যদিহে ম্যাদি পট্টা কৰে তেন্তে মাত্ৰ ১% প্ৰিমিয়াম দিব লাগিব ৷

‘‘এই ব্যাপক অভিযানৰ জৰিয়তে আমি অতি সোনকালে অগ্ৰাধিকাৰ প্ৰাপ্ত গোটসমূহক ভূমিৰ মালিকানা প্ৰদান কৰা আৰু বিভিন্ন ভূমি সম্পৰ্কীয় সেৱাত স্বচ্ছতা অনাৰ লক্ষ্য ৰাখিছোঁ । আমি দৃঢ় বিশ্বাসী, সময়ৰ বুকুত মিছন বসুন্ধৰা ৩.০ হ'ব আমাৰ চৰকাৰে অসমৰ জনসাধাৰণৰ ভূমি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে লোৱা আন এক দৃঢ় পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব ।’’ মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক:মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব: গুৱাহাটীৰ বঞ্চিত ৪৮ হেজাৰ আবেদনকাৰীয়ে পট্টা পাবনে ?

জৰীপ নোহোৱা সহস্ৰাধিক গাঁৱৰ ৰাইজে বসুন্ধৰা ৩.০ৰ যোগেদি লাভ কৰিব ভূমিৰ স্বত্ব

গুৱাহাটীত মাটিৰ পট্টাৰ বাবে কিমান ধন ভৰিব লাগিব আপুনি ? - MISSION BASUNDHARA 3

ABOUT THE AUTHOR

...view details