অসম

assam

ETV Bharat / state

গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া কাৰ্যকালৰ খতিয়ান প্ৰকাশ

Missing Autonomous Council : আজি মিচিং স্বায়ত্তশাসিত পৰিষদ গঠনৰ ১০ বছৰীয়া খতিয়ান প্রকাশ আৰু মুকলি মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় । সৰ্বতোপ্ৰকাৰ উন্নয়নৰ বাবে শিক্ষা, যোগাযোগ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ।

Missing Autonomous Council
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাবেশ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:36 PM IST

মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাবেশ

ধেমাজি, ১৩ মাৰ্চ :মিচিং স্বায়ত্তশাসিত পৰিষদ গঠনৰ বৃহস্পতিবাৰে ১০ বছৰ সম্পূৰ্ণ হয় । সেই উদ্দেশ্য়ে মিচিং স্বায়ত্তশাসিত পৰিষদ গঠনৰ ১০ বছৰীয়া খতিয়ান প্রকাশ আৰু মুকলি মত-বিনিময়ৰ আয়োজন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি 'প্রতিশ্রুতি আৰু প্ৰতিফলন' শীৰ্ষক এখনি সমাবেশ আজি ধেমাজি জিলাৰ গোগামুখৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মিংমাং ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ৷

মিচিং বানে কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক অৰুণ মৰাঙৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনিৰ আঁত ধৰে ছাত্ৰ নেতা সনাতন দলেই ৷ দুহাজাৰ লোক উপস্থিত থকা সভাখনি উদ্বোধন কৰে সন্মিলিত গণশক্তি দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হিৰণ্য দত্তই ৷ ইফালে,গাম্ভীৰ্যমূলক সভাখনিত অংশগ্ৰহণ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ সদস্য তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয় যে সমঅধিকাৰ, সমউন্নয়ন আৰু সমমৰ্যাদাৰ আধাৰত সৰ্বসাধাৰণ ৰাইজৰ সৰ্বতোপ্ৰকাৰ উন্নয়নৰ বাবে শিক্ষা, যোগাযোগ ব্যৱস্থা, কৃষি, পশুধন, মীন পালন, নির্মাণকার্য, আর্থিক সাহায্য অনুদানৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়নৰ উপৰি জীৱন-জীৱিকাৰ লগত জড়িত সমস্যা সমূহৰ সমাধানৰ বাবে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পৰা বিভিন্ন ধৰণৰ আঁচনি গ্রহণ কৰা হৈছে ।

উক্ত সভাত সদৌ মিচিং ছাত্ৰ সন্থা অৰ্থাৎ টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক সনাতন দলেই নির্বাচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা ১৭ নং মিংমাং পৰিষদীয় সমষ্টিত ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ ১০ বছৰীয়া খতিয়ান পাঠ কৰে ৷ এই সভাখনত এম এ চিৰ মিংমাঙ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৩১ জন গাম ক্ৰমে ফুকন মিলি, চন্দ্ৰ নাথ পেগু, ক্ষীৰেশ্বৰ পেগু, মালিৰাম মৰাঙ, সুৰেন মৰাঙ, হিৰানাথ পেগু, ক্ষীৰোদ পেগু, কৃষ্ণ কান্ত পায়েং, বিশ্বনাথ পাথৰি, ৰাজু দলে, নন্দিৰাম মিলি, জীবাকান পেগু, শৈলেন পেগুৰ লগতে বিশিষ্ট সমাজকৰ্মী দেৱকান্ত দাস, বগাৰাম মিলি, দুলেশ্বৰ পেগু, বিকোদৰ লাগাছু আদি উপস্থিত থাকে ৷

লগতে পঢ়ক:'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details