অসম

assam

অসমৰ পৰিৱেশ উত্তাল কৰা মূল মানুহজনেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা: সংখ্যালঘু সংগ্ৰাম পৰিষদ - miya row

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:50 PM IST

Controversy over Miya: বৰপেটাৰ হাউলীত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদমেলত ধিঙত সংঘটিত নাৰকীয় ধৰ্ষণকাণ্ডক গৰিহণা । ৰাজ্যত অব্যাহত থকা মিঞা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীক জগৰীয়া কৰিলে পৰিষদে ৷

Controversy over Miya
সংখ্যালঘু সংগ্ৰাম পৰিষদ (ETV Bharat Assam)

বৰপেটা, 29 আগষ্ট: কেইদিনমান পূৰ্বে নগাঁও জিলাৰ ধিঙত সংঘটিত নাৰকীয় ধৰ্ষণকাণ্ডক গৰিহণা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । বৰপেটাৰ হাউলীত বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই ঘটনাক গৰিহণা দিয়ে পৰিষদে ৷ তেওঁলোকে লগতে কয় যে ধিঙত ৩ জন যুৱকে এগৰাকী কিশোৰীৰ সৈতে কৰা অপকৰ্মৰ বাবে সমগ্ৰ মিঞা সমাজ দোষী হ’ব নোৱাৰে ।

সংখ্যালঘু সংগ্ৰাম পৰিষদ (ETV Bharat Assam)

আনকি উক্ত ঘটনাৰ আলম লৈ উজনিত আৰম্ভ হোৱা মিঞা হাটাও অভিযানক লৈয়ো মন্তব্য কৰে পৰিষদে । নামনিৰ লোকসকল মাটি দখল কৰিবলৈ বা নাৰী ধৰ্ষণ কৰিবলৈ যোৱা নাছিল, তেওঁলোক কামৰ সন্ধানত গৈছিল । মিঞাসকলক অসমীয়া হিচাপে স্বীকৃতি দিব খোজে নে নোখোজে তাক স্পষ্ট কৰিবলৈ শৃংখল চলিহাক সংবাদমেলযোগে আহ্বান সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বৰ ।

তেওঁলোকে আৰু কয় যে অসমীয়া ভাষাটো শৃংখল চলিহা বা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় । নিজৰ ভাষা বিসৰ্জন দি মিঞাসকলে অসমীয়া ভাষা গ্ৰহণ কৰিছে । অসমৰ পৰিৱেশ উত্তাল কৰা মূল মানুহজনেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্রী নহ’লে শৃংখল চলিহা বা আন নেতাসকলে মিঞাসকলক খেদি পঠাব নোৱাৰিলেহেতেন বুলিও পৰিদৰ নেতৃত্বই কয় ।

মিঞাসকলক বিশ্বৰ আটাইতকৈ পৰিশ্ৰমী লোক আখ্যা দিয়ে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷ সংবাদমেলখনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক দেশৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দিয়ে । 2026 ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সাম্প্ৰদায়িক পৰিবেশ গঢ়ি তোলাৰ বাবে অপচেষ্টা চলোৱা বুলি অভিযোগ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । ‘‘আমাৰ DNA টেষ্ট কৰিলে গম পাব আমি মুখ্যমন্ত্ৰীতকৈ দেশক বেছি ভালপাওঁ ।’’
এই মন্তব্য সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।

ABOUT THE AUTHOR

...view details