তেজপুৰ, ৪ এপ্ৰিল : তেজপুৰ আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত ন্যায় পালে তেজপুৰৰ এটা দুৰ্ভগীয়া পৰিয়ালে ৷ এগৰাকী ১৪ বছৰীয়া নাবালিকাক গোপনে পানীয়ৰ লগত নিচাজাতীয় সামগ্ৰী মিহলাই খুৱাই অচেতন কৰি নিৰ্জন ঠাইলৈ নি ধৰ্ষণ কৰা তেজপুৰৰ সঞ্জীৱ সিঙক বৃহস্পতিবাৰে তেজপুৰৰ ন্যায়িক আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷
উল্লেখ্য যে, ২০২২ চনৰ ৪ নৱেম্বৰৰ পুৱা স্কুললৈ বুলি ঘৰৰ পৰা ওলাই অহা এগৰাকী নাবালিকা ছাত্ৰীক চিনাকি সূত্ৰে আদবাটতে সঞ্জীৱ নামৰ এজন যুৱকে স্কুললৈ থৈ অহাৰ চলাহী কথাৰে এখন ই-ৰিস্কাত উঠাই লয় ৷ তাৰ পাচত গোপনে নিচাযুক্ত দ্ৰব্য মিহলি কৰা অ’আৰএছ খাবলৈ দিয়ে ছাত্ৰীগৰাকীক ৷ ছাত্ৰীগৰাকীয়ে সেই পানীয় খোৱাৰ কিছু সময়ৰ পাচতে অচেতন হৈ পৰে ৷
ইয়াৰ পিচত একেখন বাহনতে সঞ্জীৱে ছাত্ৰীগৰাকীক তেজপুৰৰ ঔগুৰি পাহাৰৰ নিৰ্জন ঠাইলৈ নি উপৰ্যুপৰি ধৰ্ষণ কৰে ৷ পাচত লম্পট সঞ্জীৱে দুৰ্ভগীয়া নাবালিকা ছাত্ৰীগৰাকীক তেজপুৰ লাচিত চ’কৰ সমীপত এৰি দিয়ে ৷ ছাত্ৰীগৰাকীয়ে ঘৰলৈ উভতি আহি সমস্ত ঘটনা পৰিয়ালবৰ্গক সদৰী কৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷