মৰাণ, 23 এপ্ৰিল :ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশু নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহি থকাৰ সময়তে ডিব্ৰুগড়ত এজন চিকিৎসকৰ ঘৰতেই জঘন্য, অমানৱীয়, গাৰ নোম শিয়ৰি উঠা কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । অভিযুক্ত চিকিৎসকগৰাকী হ’ল চর্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিৎ দত্ত ৷ দত্তৰ ডিব্ৰুগড়ৰ গৃহত সংঘটিত হৈছে এই বৰ্বৰ জঘন্যকাণ্ডটো ।
ডিব্ৰুগড়ৰ কনভয় ৰোডত অৱস্থিত বৈৰাগীমঠ জেএছবি উন্নয়ন এপার্টমেন্টত চিকিৎসক ডাঃ দেৱজিৎ দত্ত আৰু তেওঁৰ পত্নী ববী কলিতাই বছৰৰ পাচত বছৰ ধৰি ঘৰৰ বনকৰা কিশোৰীগৰাকীক শাৰীৰিক নির্যাতন চলাই আহিছিল বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি গৰম পানী গালৈ দলিয়াই দিয়া, গৰম ইস্ত্ৰি পিঠিত লগাই দিয়াৰ লগতে চিকিৎসকগৰাকীৰ পত্নী ববী কলিতাই বেলনা মাৰিৰে কোবাই কিশোৰীগৰাকীৰ কেবাটাও দাঁত ভাঙি দিয়াৰ লগতে মূৰত মাৰি মূৰ ফালি দিয়া পৰ্যন্তলৈকে নির্যাতন চলাইছিল ।
ইয়াৰোপৰি চিকিৎসক দম্পতী ঘৰৰ পৰা ওলাই গ'লে কেবাদিন পৰ্যন্ত ঘৰৰ ভিতৰতে তলা মাৰি কিশোৰীগৰাকীক আৱদ্ধ কৰি ৰাখিছিল বুলিও অভিযোগ উঠিছে । বছৰৰ পাচত বছৰ ধৰি অকথ্য নির্যাতন কিশোৰীগৰাকীৰ ওপৰত চলি আহিছিল যদিও ডিব্ৰুগড়ৰ চি ডব্লিউ চি (চাইল্ড ৱেলফেয়াৰ কমিটি)য়ে 10 এপ্ৰিলত এই ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হৈছিল ।
ইয়াৰ পাচতেই আৰক্ষীৰ সহযোগত 11 এপ্ৰিলত চাইল্ড ৱেলফেয়াৰ কমিটিয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি যথাযথ চিকিৎসা প্ৰদান কৰে । সমগ্ৰ ঘটনাক লৈ চাইল্ড ৱেলফেয়াৰ কমিটিয়ে ডিব্ৰুগড় সদৰ থানাত 12 এপ্ৰিলত এজাহাৰ দাখিল কৰে ।