গুৱাহাটী: ‘‘সদ্যসমাপ্ত উপ-নিৰ্বাচনত কংগ্ৰেছ দল তথা তেওঁলোকৰ নেতা গৌৰৱ গগৈয়ে 'ছাইলেণ্ট পিৰিয়ড'তো প্ৰচাৰ চলোৱাৰ লগতে নিৰ্বাচনৰ দিনাও বুথসমূহ পৰিদৰ্শন কৰি থকাৰ দৃশ্য আমি প্ৰত্যক্ষ কৰিছিলোঁ । নিৰ্বাচনী আচৰণ বিধি সম্পূৰ্ণৰূপে উলংঘা কৰি গৌৰৱ গগৈসহ কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে প্ৰচাৰ চলোৱা কাৰ্যক মই গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ ।’’ এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰীকাৰ ।
বুধবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপনিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে দিছপুৰৰ বাসভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে ।
মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদ মেল (ETV Bharat) সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰীকাই কয়, ‘‘এগৰাকী বিজ্ঞ ৰাজনীতিক হৈয়ো গৌৰৱ গগৈয়ে এনে কাৰ্য কৰাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই কাৰ্য গণতন্ত্ৰৰ বাবে শুভ নহয় । আমি বিহালী সমষ্টিত প্ৰচাৰ কাৰ্য চলাই নিৰ্ধাৰিত সময়ত সেই স্থানৰ পৰা উভতি আহিছিলোঁ । কিন্তু কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে সেই স্থানত থাকি প্ৰচাৰ কাৰ্য অব্যাহত ৰাখে । এই বিষয়ে আমি নিৰ্বাচন আয়োগকো জ্ঞাত কৰিছোঁ ।’’
‘‘আমাৰ দলৰ সতীৰ্থ মন্ত্ৰীসকলে সংশ্লিষ্ট সমষ্টিৰ পৰা 'ছাইলেণ্ট পিৰিয়ড'ৰ পূৰ্বে ঘূৰি আহিছিল । কিন্তু কংগ্ৰেছী নেতা-কৰ্মীসকলে বিহালী সমষ্টিত মুকলিকৈ বাহৰ পাতি প্ৰচাৰ চলাইছিল । গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ বাবেই এনেকৈ প্ৰচাৰ চলাব পাৰে নেকি, সেই প্ৰশ্নৰ উত্তৰ মই বিচাৰিছোঁ । সততে সংবিধান ৰক্ষাৰ কথা কোৱা কংগ্ৰেছ দলৰ নেতাই এনে কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয়, সেই প্ৰশ্নটোৰ উত্তৰ মই গৌৰৱ গগৈৰ পৰা জানিব বিচাৰিছোঁ ।’’ -পীযুষ হাজৰীকা, মন্ত্ৰী, অসমৰ চৰকাৰ ৷
‘‘কংগ্ৰেছ দলে যিমান ষড়যন্ত্ৰ কৰিলেও, নিয়ম-নীতি উলংঘা কৰিলেও নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত আমিয়েই জিকিম । কিন্তু মোৰ প্ৰশ্ন এটাই, নিৰ্বাচনত জিকা-হৰা বেলেগ কথা, এনেদৰে নিয়ম উলংঘা কৰাটো ভাল কথা নেকি, এই প্ৰশ্নটো মই গৌৰৱ গগৈৰ উপৰি সকলো সচেতন ৰাইজক সুধিছোঁ ৷’’ মন্ত্ৰীগৰাকীয়ে কয় ৷
তেওঁ লগতে কয়, ‘‘ভোটগ্ৰহণ চলি থকা সময়ত সমষ্টিৰ বাহিৰৰ মানুহে আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে । অসমত প্ৰথমবাৰৰ কাৰণে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে । কংগ্ৰেছ দলৰ এগৰাকী ডেপুটী লিডাৰ, অসমৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈক বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলোৱা আমি দেখিবলৈ পালোঁ । সাধাৰণ কৰ্মীৰ কথা বাদেই দিলোঁ, কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই ‘ছাইলেণ্ট পিৰিয়ড’ত বিহালীতে বাহৰ পাতি থাকি বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলোৱা কাৰ্য গৰিহণা যোগ্য ।’’
‘‘ময়ো বিহালীত আছিলোঁ যদিও মই ১১ নৱেম্বৰৰ বিয়লি ৫.১০ বজাত বিহালীৰ পৰা ওলাই আহিছোঁ । ঠিক সেইদৰে ছিদলী সমষ্টিত মন্ত্ৰী অশোক সিংহলে বাহৰ পাতি আছিল যদিও সিদিনা আবেলি তাৰ পৰা গুচি আহিছে । একেদৰে ধলাই সমষ্টিতো মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আছিল যদিও সময়ত ধলাইৰ পৰা ওলাই আহিছে । গৌৰৱ গগৈয়ে কোনটো নিয়মেৰে বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলাইছিল ? এয়া গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় । এয়া অত্যন্ত গৰ্হিত কাম ।" মন্ত্ৰী হাজৰীকাই কয় ৷